পলাশবাৰী-চানডুবিলৈ যোৱা পথত বজাৰাপাৰাত নিৰ্মিয়মাণ কালভাৰ্টৰ বাবে পথৰ মাজতে খান্দি থোৱা দ গাঁতত পৰি গুৰুতৰভাৱে আহত হৈছিল যুৱকজন। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত নিশাই মৃত্যু হয় যুৱকজনৰ।
পলাশবাৰী-চানডুবিলৈ যোৱা পথত বজাৰাপাৰাত নিৰ্মিয়মাণ কালভাৰ্টৰ বাবে পথৰ মাজতে খান্দি থোৱা দ গাঁতত পৰি গুৰুতৰভাৱে আহত হৈছিল যুৱকজন। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত নিশাই মৃত্যু হয় যুৱকজনৰ।
বিশ্বকৰ্মা পূজাৰ আনন্দ উচাহৰ মাজতে শুকুৰবাৰে নিশা দক্ষিণ কামৰূপৰ পলাশবাৰীত পথ দুৰ্ঘটনাত এজন যুৱক বাইক দুৰ্ঘটনাত পতিত হৈ পিছত মৃত্যুক আঁকোৱালি লয়। শনিবাৰে বিয়লি মৰণোত্তৰ পৰীক্ষাৰ অন্তত যুৱকজনৰ মৃতদেহ ঘৰসা অনাত পলাশবাৰীৰ চকত শ-শ লোকে যুৱকজনৰ মৃতদেহ সন্মুখত লৈ পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।
ঘটনা অনুসৰি পলাশবাৰীৰ ৯ নম্বৰ ৱাৰ্ডৰ বাসিন্দা নিতুমণি কুমাৰ ওৰফে কাৰ্তিক নামৰ যুৱকজনে নিশা প্ৰায় দহ বজাত নিজ ঘৰৰ পৰা মিৰ্জাৰ বায়েকৰ ঘৰলৈ গৈ থকা অৱস্থাত পলাশবাৰী-চানডুবিলৈ যোৱা পথত বজাৰাপাৰাত নিৰ্মিয়মাণ কালভাৰ্টৰ বাবে পথৰ মাজতে খান্দি থোৱা দ গাঁতত পৰি গুৰুত্বৰভাৱে আহত হৈছিল। যুৱকজনক লগে লগে স্থানীয় লোকে চিকিৎসালয়লৈ নিয়ে যদিও গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত নিশাই মৃত্যু হয় যুৱকজনৰ । ইয়াকে লৈ ৰাইজ ক্ষোভিত হৈ গড়কাপ্টানী বিভাগ আৰু ঠিকাদাৰৰ গাফিলতিৰ বাবেই নিৰ্মিয়মাণ পথটোত সঘনাই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলি পথ অৱৰোধ কৰি উত্তাল কৰে পৰিৱেশ ।
আনকি পথটো বহুদিন ধৰি এনেদৰে থকাত অধিক কষ্টৰ সন্মুখীন হোৱাৰ লগতে পথটোত খন্দা গাঁতবোৰত কোনোধৰণৰ চিহ্ন অথবা গাৰ্ড নথকাৰ অভিযোগ তোলে ৰাইজে । উল্লেখ্য যে ইয়াৰ পুৰ্বে নিৰ্মিয়মাণ পথটোত অনুৰূপ ধৰণে দুৰ্ঘটনা সংঘটিত হৈ প্ৰাণ হেৰুৱাইছিল এজন বনকৰ্মীয়ে। এতিয়ালৈকে একে স্থানতে শুকুৰবাৰৰ ঘটনাটোক ধৰি ৩টা দুৰ্ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|