বিশ্বনাথ চাৰিআলিৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত আজিও অব্যাহত আছে অচলাৱস্থা ৷ প্ৰধান আচাৰ্যৰ বিৰুদ্ধে ওলাই আহিল অভিভাৱক ৷ নাৰী কেলেংকাৰিত অভিযুক্ত প্ৰধান আচাৰ্য হিতেন প্ৰসাদ গোস্বামীক বহিষ্কাৰ কৰাৰ দাবীত অভিভাৱকৰ পুনৰ প্ৰতিবাদ বিদ্যালয়ৰ সন্মুখত৷
পৰিস্থিতিৰ বুজ ল'বলৈ গুৱাহাটীৰ পৰা আজি শিশু শিক্ষা সমিতিৰ প্ৰতিনিধি দল আহিছে বিদ্যালয়খনলৈ৷ প্ৰতিনিধি দলটোৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে অভিভাৱকে৷ প্ৰধান আচাৰ্যক বহিষ্কাৰ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ প্ৰতিবাদী অভিভাৱকৰ ৷ উল্লেখ্য যে বিশ্বনাথ জিলাৰ ভিতৰতে আগশাৰীৰ শিক্ষানুষ্ঠান হৈছে শংকৰদেৱ শিশু বিদ্যা নিকেতন ৷ ২৯ বছৰ পুৰণি বিদ্যালয়খনত প্ৰতিবছৰেই এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ আহিছে মেট্ৰিক পৰীক্ষাত ৷
২০১২ চনত মেট্ৰিকৰ প্ৰথম স্থান লাভ কৰিছিল বিদ্যালয়খনৰ ছাত্ৰীয়ে ৷ বৰ্তমানলৈকে মেট্ৰিক পৰীক্ষাত সাতবাৰকৈ স্থান লাভ কৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়ে ৷ এনে এখন গৰিমামণ্ডিত বিদ্যালয়ৰ প্ৰধান আচাৰ্যই কালিমা সনাত স্বাভাৱিকতে ক্ষুণ্ণ হৈ পৰিছে অভিভাৱকসকলৰ লগতে স্থানীয় দল-সংগঠন আৰু ৰাইজ ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।