ঐতিহ্যমণ্ডিত হাতীমূৰা অঞ্চলক বনাঞ্চল ঘোষণা নকৰাৰ দাবীত সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় পাঁচ শতাধিক ৰাইজে।
ঐতিহ্যমণ্ডিত হাতীমূৰা অঞ্চলক বনাঞ্চল ঘোষণা নকৰাৰ দাবীত সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় পাঁচ শতাধিক ৰাইজে।
জনাঞ্চলক বনাঞ্চল ঘোষণাৰ যো-জা চলোৱাৰ বিৰুদ্ধে কলিয়াবৰত তীব্ৰ প্ৰতিবাদ। কলিয়াবৰৰ হাতীমূৰাক সংৰক্ষিত বনাঞ্চল ঘোষণাৰ যো-জা চলোৱাৰ বিৰুদ্ধে ওলাই আহিছে হাতীমূৰা, জখলাবন্ধা, কেৰি-বাকৰিৰ সৰ্বসাধাৰণ ৰাইজ৷ শুকুৰবাৰে চৰকাৰৰ এনে জনবিৰোধী নীতিৰ বিৰুদ্ধে কলিয়াবৰৰ জখলাবন্ধাত ৰাজহুৱা সভাৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।
উল্লেখযোগ্য যে, শুকুৰবাৰে জখলাবন্ধা গাঁও পঞ্চায়তৰ কাৰ্যালয় চৌহদত হাতীমূৰাক সংৰক্ষিত বনাঞ্চল কৰাৰ প্ৰসংগত স্থানীয় প্ৰশাসনে আয়োজন কৰিছিল এক ৰাজহুৱা শুনানি। প্ৰশাসনৰ এই ৰাজহুৱা শুনানিৰ সময়তে হাতে-হাতে প্লেকাৰ্ড লৈ, শ্ল'গান দি ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ।
ঐতিহ্যমণ্ডিত হাতীমূৰা অঞ্চলক বনাঞ্চল ঘোষণা নকৰাৰ দাবীত সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় পাঁচ শতাধিক ৰাইজে। উল্লেখ্য যে, হাতীমূৰাৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক সংৰক্ষিত বনাঞ্চললৈ উন্নীতকৰণৰ বাবে ৰাজহুৱা শুনানি আহ্বান কৰি যোৱা ১৩ জুনত জাৰি কৰিছিল এক জাননী। আজি এই ৰাজহুৱা শুনানিৰ সময়তে হাতীমূৰাক সংৰক্ষিত বনাঞ্চললৈ উন্নীতকৰণৰ প্ৰস্তাৱ উঠাই লোৱাৰ দাবীত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল স্থানীয় ৰাইজ।
হাতীমূৰাক সংৰক্ষিত বনাঞ্চল কৰাৰ চৰকাৰৰ জনবিৰোধী চিন্তাই অঞ্চলটোত যুগ-যুগ ধৰি প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা স্থানীয় খিলঞ্জীয়া ৰাইজৰ জীৱন-জীৱিকাৰ প্ৰতি অন্ধকাৰ নমাই অনাৰ শংকা প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীসকলে।
হাতীমূৰাক সংৰক্ষিত বনাঞ্চললৈ উন্নীত কৰাৰ চিন্তা পৰিহাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে বিভিন্ন দল-সংগঠনৰ লগতৰ স্থানীয় ৰাইজে৷
উল্লেখ্য যে, স্থানীয় প্ৰশাসনে আয়োজন কৰা ৰাজহুৱা শুনানিত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰসন্থাৰ নগাঁও জিলা সমিতি, চাহ জনজাতি ছাত্ৰসন্থাৰ নগাঁও জিলা সমিতি, নগাঁও জিলা চাহ মজদুৰ সংঘৰ বিষয়ববীয়া উপস্থিত থাকি চৰকাৰৰ জনবিৰোধী চিন্তাক তীব্ৰ গৰিহণা দিয়াৰ লগতে হাতীমূৰাক সংৰক্ষিত বনাঞ্চললৈ উন্নীত কৰাৰ চিন্তা পৰিহাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে। কলিয়াবৰৰ মহকমুাধিপতিৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ একোখনকৈ স্মাৰকপত্ৰও প্ৰদান কৰে সভাত উপস্থিত দল-সংগঠনসমূহে।
ৰাইজৰ দাবী উপেক্ষা কৰি জনবসতি অঞ্চল হাতীমূৰাক যদিহে সংৰক্ষিত বনাঞ্চললৈ উন্নীত কৰে তেন্তে চৰকাৰখনে তীব্ৰ আন্দোলনৰ সন্মুখীন হ'ব বুলি হুংকাৰ প্ৰদান কৰে আজিৰ প্ৰতিবাদস্থলীত উপস্থিত দল-সংগঠনসমূহে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|