প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল এলেকাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণাৰ পৰিকল্পনাৰে কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াই শনিবাৰে আমগুৰি গাঁও পঞ্চায়তত আহ্বান কৰিছিল এক ৰাজহুৱা শুনানি সভা।
প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল এলেকাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণাৰ পৰিকল্পনাৰে কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াই শনিবাৰে আমগুৰি গাঁও পঞ্চায়তত আহ্বান কৰিছিল এক ৰাজহুৱা শুনানি সভা।
ৰাজহুৱা প্ৰতিবাদত কঁপিল কলিয়াবৰৰ দেওচুৰ। কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দেউচুৰ অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে উন্নীতকৰণ প্ৰক্ৰিয়াৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ। জনবসতিপূৰ্ণ এলেকাক সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰিত নকৰাৰ দাবীত কলিয়াবৰত হাতে-হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদত বহিল স্থানীয় খিলঞ্জীয়া জনতা।
প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল এলেকাক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণাৰ পৰিকল্পনাৰে কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াই শনিবাৰে আমগুৰি গাঁও পঞ্চায়তত আহ্বান কৰিছিল এক ৰাজহুৱা শুনানি সভা। এই সভাতেই চৰকাৰৰ জনবিৰোধী পদক্ষেপৰ প্ৰতিবাদ জনাই হাতে-হাতে প্লেকাৰ্ড লৈ ওলাই আহিল স্থানীয় ৰাইজ।
যুগ-যুগ ধৰি প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰি অহা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলটোত বসবাস কৰি অহা খিলঞ্জীয়া জনজাতীয় ৰাইজৰ জীৱন-জীৱিকা সুৰক্ষিত ৰখাৰ স্বাৰ্থত সংৰক্ষিত বনাঞ্চলৰ প্ৰস্তাৱ নাকচ কৰিবলৈ চৰকাৰক দাবী জনাই স্থানীয় ৰাইজৰ লগতে কলিয়াবৰৰ বিভিন্ন দল-সংগঠনে।
মানুহৰ জীৱনতকৈ জীৱ-জন্তুকহে গুৰুত্ব দিয়া চৰকাৰ এই সিদ্ধান্ত কোনোপধ্যেই মানি নলয় কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰসন্থাই। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক অসমৰ সম্পদৰ পৰিৱৰ্তে আপদ বুলি ভাবিবলৈ ৰাইজক বাধ্য নকৰিবলৈ চৰকাৰী পক্ষক সকীয়াই দিয়ে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰসন্থাই।
উল্লেখ্য যে, স্থানীয় প্ৰশাসনে আয়োজন কৰা ৰাজহুৱা শুনানিত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰসন্থাৰ নগাঁও জিলা সমিতি, চাহ জনজাতি ছাত্ৰসন্থাৰ নগাঁও জিলা সমিতি, নগাঁও জিলা চাহ মজদুৰ সংঘৰ বিষয়ববীয়া উপষ্ঠিত থাকি চৰকাৰৰ জনবিৰোধী চিন্তাক তীব্ৰ গৰিহণা দিয়াৰ লগতে জনবসতি অঞ্চলসমূহ বনাঞ্চললৈ উন্নীত কৰাৰ চিন্তা পৰিহাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে।
ৰাইজৰ দাবী উপেক্ষা কৰি জনবসতি অঞ্চল দেউচুৰ আৰু হাতীমূৰাক যদিহে সংৰক্ষিত বনাঞ্চললৈ উন্নীত কৰে তেন্তে চৰকাৰখনে তীব্ৰ আন্দোলনৰ সন্মুখীন হ'ব বুলি হুংকাৰ প্ৰদান কৰে আজিৰ প্ৰতিবাদস্থলীত উপস্থিত দল-সংগঠনসমূহে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|