বিতৰ্কই লগ এৰা নাই হোজাই ডবকাৰ টোলগেটক ৷ আজি টোল গেট কৰ্তৃপক্ষই টেক্সি ষ্টেণ্ডত থকা গাড়ীৰো ফাষ্টটেগৰ জৰিয়তে টোল টেক্স কটাৰ অভিযোগত টোলগেটৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্ল'গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে টেক্সিচালকসকলে ৷
ইমানতে ক্ষান্ত নাথাকি প্ৰতিবাদী ক্ষোভিত টেক্সিচালকসকলে ডবকা আৰক্ষী থানাতো টোলগেট কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ তৰিছে ৷ দৰাচলতে কালি ওৰে দিনটো ডবকা টেক্সি ষ্টেণ্ডৰ চালক গোলাপ হুছেইন নামৰ চালকজনে নিজৰ AS01U 9992 নম্বৰৰ চাৰিচকীয়া বাহনখন লৈ টেক্সিষ্টেণ্ডতে আছিল ৷ দিনটো কোনো ভাড়া নোপোৱাত তেওঁ ঘৰলৈ গৈ মোবাইলটো চোৱাত তেওঁৰ গাড়ীখন দিনৰ ১:৩৮ মিনিটত ফাষ্টটেকৰ জৰিয়তে ৮০ টকা কাটি নিয়াৰ মেছেজ লাভ কৰে ৷
কালি তেওঁ টোলগেটৰ মাজেৰে পাৰ নোহোৱাকৈ এনেদৰে টোলগেট কৰ্তৃপক্ষই টকা কাটি নিয়া কাৰ্যত আচৰিত হৈ সতীৰ্থ চালকসকলক অৱগত কৰায় ৷ আজি সকলো একগোট হৈ টোলগেট কৰ্তৃপক্ষৰ বিৰুদ্ধে ধৰ্ণা দিয়াৰ লগতে ডবকা আৰক্ষী থানাত গোচৰ তৰে ৷ তেওঁলোকৰ দাবী টোলগেটে চলোৱা এই লুণ্ঠনৰাজ অতিশীঘ্ৰে বন্ধ কৰিব লাগে ৷
ক্ষোভিত চালকসকলে অভিযোগ কৰি কয় যে ক'ভিড কালৰ বাবে আন্তঃজিলা যাতায়াত ব্যৱস্থা বন্ধ হৈ থকাৰ বাবে তেওঁলোকৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে ৷ তাৰ পাছতো ভূতৰ ওপৰত দানৱ পৰা দি জধেমধে টোল টেক্স কটা বিষয়টোক সহজভাৱে ল'ব পৰা নাই চালকসকলে ৷
যোৱা কিছুদিন ধৰি বহু লোকৰ বাহনসমূহ ঘৰত থকাৰ পাছতো টোল কৰ লোৱা দেখা গৈছে ৷ সমগ্ৰ বিষয়ৰ ওপৰত এক তদন্তৰো দাবী কৰে প্ৰতিবাদী চালকসকলে ৷ অতিশীঘ্ৰে জধেমধে টোল টেক্স কটা প্ৰক্ৰিয়া বন্ধ কৰি লাগে বুলি দাবী জনোৱাৰ লগতে যদি এই প্ৰক্ৰিয়া বন্ধ নহয়, তেনেহলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি হুংকাৰ দিয়ে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|