হাইলাকান্দিৰ কাটলিচেৰা সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰৰ পত্নীৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ। বিধায়কগৰাকীৰ পত্নী ফাৰহানা বেগম লস্কৰ ৰংপুৰ ৰামচণ্ডী জিলা পৰিষদৰ সদস্যা। জিলা পৰিষদ সদস্যাগৰাকীয়ে বিগত চাৰি বছৰত নিজ এলেকাত কোনো কাম নকৰাৰ অভিযোগ ৰাইজৰ। বিধায়ক পত্নীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ দ্বাৰস্থ অঞ্চলটোৰ ৰাইজ। বিধায়ক সুজাম উদ্দিনৰ পত্নীক ৰাইজে নিৰ্বাচিত কৰিছিল ঠিকেই, কিন্তু ইয়াৰ পিছত চাৰি বছৰ ধৰি অঞ্চলটোৰ ৰাইজে দেখা নাই জিলা পৰিষদৰ সদস্যাগৰাকীক।
যোৱা চাৰি বছৰে ফাৰহানা বেগমে নিজ জিলা পৰিষদ এলেকাত থকা ৫খন গাঁও পঞ্চায়তত একো কাম নকৰাৰ অভিযোগ ৰাইজৰ। যোৱা ২০২০-২১ বিত্তীয় বৰ্ষত তেওঁৰ অঞ্চলত ৭০ লাখ টকা অনুমোদন হৈছে। কিন্তু আজি প্ৰায় তিনি বছৰ অতিক্ৰম হোৱাৰ পিছতো এটা নিৰ্মাণ কামো আৰম্ভ হোৱা নাই। লগতে তেওঁ সকলো ধন নিজৰ গৃহ গাঁও পঞ্চায়তত মঞ্জুৰ কৰাৰো অভিযোগ উত্থাপন হৈছে। এই অভিযোগসমূহ লৈ স্থানীয় ৰাইজ জিলা প্ৰশাসনৰ দ্বাৰস্থ হৈছিল।
ইপিনে, এই অভিযোগৰ তদন্ত কৰাৰ বাবে আজি ৰংপুৰ ৰামচণ্ডী গাঁও পঞ্চায়ত অঞ্চলত উপস্থিত হৈছিল হাইলাকান্দি জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়দীপ শুক্লা। কিন্তু তেওঁ অহাৰ খবৰ পাই এটা নলাৰ নিৰ্মাণ কাম আৰম্ভ কৰায় বিধায়ক আৰু জিলা পৰিষদৰ সদস্যাগৰাকীয়ে। আনহাতে, এই বিষয়ৰ উচিত তদন্তৰ দাবী জনাইছে ক্ষুব্ধ ৰাইজে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|