মুখ্যপৃষ্ঠা » খবৰ

» অসম

»সৰুক্ষেত্ৰীত ৰাইজৰ দলৰ বৃহৎ সাংগঠনিক সভা, কমল কুমাৰ মেধি, জেৰিফা ৱাহিদৰ উপস্থিতিত সৰুক্ষেত্ৰী সমষ্টি সমিতি গঠন

সৰুক্ষেত্ৰীত ৰাইজৰ দলৰ বৃহৎ সাংগঠনিক সভা, কমল কুমাৰ মেধি, জেৰিফা ৱাহিদৰ উপস্থিতিত সৰুক্ষেত্ৰী সমষ্টি সমিতি গঠন

News18 Assam | News18-Assam
Updated:December 27, 2020, 10:35 AM IST
সৰুক্ষেত্ৰীত ৰাইজৰ দলৰ বৃহৎ সাংগঠনিক সভা, কমল কুমাৰ মেধি, জেৰিফা ৱাহিদৰ উপস্থিতিত সৰুক্ষেত্ৰী সমষ্টি সমিতি গঠন
অতি সোনকালেই অখিল গগৈ জে’লৰ পৰা মুকলি হৈ আহিব বুলি মন্তব্য কৰে একালৰ সতীৰ্থ কমল কুমাৰ মেধিয়ে৷

অতি সোনকালেই অখিল গগৈ জে’লৰ পৰা মুকলি হৈ আহিব বুলি মন্তব্য কৰে একালৰ সতীৰ্থ কমল কুমাৰ মেধিয়ে৷

  • News18 Assam
  • Last Updated: December 27, 2020, 10:35 AM IST
  • Share this:
বৰপেটাৰ সৰুক্ষেত্ৰীত ৰাইজৰ দলৰ এখন বৃহৎ সভা অনুষ্ঠিত হয় ৷ সভাত ৰাইজৰ দলৰ সৰুক্ষেত্ৰী সমষ্টি সমিতিখন গঠন কৰা হয়৷ কমল কুমাৰ মেধি, জেৰিফা ৱাহিদ, হুছেইন মহম্মদ ছাহজাহান, প্ৰভাত বৈষ্ণৱ আদিকে ধৰি কেবাগৰাকীও নেতাৰ উপস্থিতিত অনুষ্ঠিত সভাত সৰুক্ষেত্ৰী সমষ্টি সমিতিখন গঠন কৰা হয়৷

সৰুক্ষেত্ৰীৰ কয়াকুছিত বহুসংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰি ৰাইজৰ দলৰ নেতা কমল কুমাৰ মেধিয়ে নামনি অসনৰ মুছলমান সমাজ এতিয়া কংগ্ৰেছ, এআইইউডিএফৰ ভোট বেংক হৈ থকা নাই বুলি মন্তব্য কৰে ৷ বিশেষকৈ বিটিচিৰ নিৰ্বাচনে এই কথা প্ৰমাণ কৰি দিয়া বুলি মন্তব্য কৰি ২১ৰ নিৰ্বাচনত নামনি অসমৰ অধিকাংশ সমষ্টি ৰাইজৰ দলে দখল কৰিব বুলিও দাবী কৰে কমল কুমাৰ মেধিয়ে৷ মুলতঃ ভ্ৰষ্টাচাৰী কংগ্ৰেছক উৎখাত কৰাৰ স্বাৰ্থত কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি জাতীয় দল–সংগঠনৰ পৃষ্ঠপোষকতাত গঠন হোৱা ৰাইজৰ দলৰ ডিব্ৰুগড়ৰ মৰাণত অনুষ্ঠিত জাতীয় অভিৱৰ্তনৰ পূৰ্বেই অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি আশা প্ৰকাশ কৰিছে কমল কুমাৰ মেধিয়ে৷

কমল কুমাৰ মেধিৰ আশা, অহা ৭ জানুৱাৰীৰ পূৰ্বেই জে’লৰ পৰা মুকলি হ’ব অখিল গগৈ৷ অসমীয়া জাতিৰ স্বাধিকাৰ আৰু স্বাভিমান ৰক্ষাৰ ৰাজনৈতিক যুঁজৰ নেতৃত্ব লোৱাৰ বাবে অতি সোনকালেই অখিল গগৈ জে’লৰ পৰা মুকলি হৈ আহিব বুলি মন্তব্য কৰে একালৰ সতীৰ্থ কমল কুমাৰ মেধিয়ে৷

ইপিনে, পাটাছাৰকুছি সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’বলগীয়া কমল কুমাৰ মেধিৰ বাবে অগপ বিধায়ক পবিন্দ্ৰ ডেকাই কঢ়িয়াই আনিছে অনিশ্চয়তা৷ বিশেষকৈ পবিন্দ্ৰ ডেকাৰ অসম জাতীয় পৰিষদত যোগদানৰ পিছত পাটাছাৰকুছি সমষ্টিত কমল মেধি নে পবিন্দ্ৰ ডেকাই নিৰ্বাচন খেলিব তাকে লৈ চলি থকা জল্পনা–কল্পনা সন্দৰ্ভত কমল মেধিৰ স্পষ্ট মন্তব্য, অসমৰ সকলো জাতীয়–জনগোষ্ঠীয় দল–সংগঠন আৰু আঞ্চলিক শক্তি একত্ৰিত হোৱা বুলি মন্তব্য কৰি সৰু–সুৰা বাধাসমূহ দূৰ কৰিব পৰা যাব বুলি মন্তব্য কৰে। লগতে ২০২১ৰ নিৰ্বাচনত অসমত আঞ্চলিকতাবাদী দলৰ চৰকাৰ নিশ্চিত বুলি দাবী কৰে৷

ইপিনে, ডিব্ৰুগড়ৰ মৰাণত অনুষ্ঠিত হ’বলগা অধিৱেশনতে দলে কিমান সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিব, কোন কোন সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব সেই সম্পৰ্কে দলে সকলো ৰূপৰেখা প্ৰস্তুত কৰিব বুলিও সদৰি কৰে৷

ইপিনে, সভাখনত অংশগ্ৰহণ কৰি অভিনেত্ৰী জেৰিফা ৱাহিদে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে নহয়, বৰঞ্চ প্ৰগতিশীল আঞ্চলিকতাবাদত বিশ্বাস কৰিহে ৰাইজৰ দলত যেগদান কৰা বুলি মন্তব্য কৰে৷ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিৱৰ্তে ৰাইজৰ দলৰ হকে সেৱা আগবঢ়েৱাৰ প্ৰতিহে আগ্ৰহী জেৰিফা ৱাহিদ৷ আনকি নিজৰ কথা ভবা হ’লে তেও বিজেপি, কংগ্ৰেছ বা এআইইউডিএফত যোগদান কৰিলেহেঁতেন বুলিও প্ৰকাশ কৰে৷ আনকি ৰাইজৰ দল কেইজনমান নেতা–কৰ্মীৰ দল নহয় বুলি প্ৰকাশ কৰি ৰাইজৰ দল প্ৰকৃতাৰ্থতেই ৰাইজৰ দল বুলিও উল্লেখ কৰে অভিনেত্ৰী তথা ৰাইজৰ দলৰ নেত্ৰী জেৰিফা ৱাহিদে৷
Published by: Sanjay Kumar Das
First published: December 27, 2020, 10:35 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি