লজ্জাজনক! নগ্ন নৃত্য প্ৰদৰ্শন নকৰাৰ বাবেই মহিলা শিল্পীক হত্যাৰ ভাবুকি

ছয়গাঁৱৰ আঁচলপাৰাত সংঘটিত এই ঘটনা, বকো থানাত আশ্ৰয় শিল্পীৰ দলৰ

news18assam
Updated:June 8, 2019, 11:03 AM IST
লজ্জাজনক! নগ্ন নৃত্য প্ৰদৰ্শন নকৰাৰ বাবেই মহিলা শিল্পীক হত্যাৰ ভাবুকি
ছয়গাঁৱৰ আঁচলপাৰাত সংঘটিত এই ঘটনা, বকো থানাত আশ্ৰয় শিল্পীৰ দলৰ
news18assam
Updated: June 8, 2019, 11:03 AM IST
ছয়গাৱত সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা এক ঘটনা।উলংগ হৈ নৃত্য প্ৰদৰ্শন কৰিবলৈ শিল্পীৰ দলক হেঁচা একাংশৰ। ঈদ উপলক্ষে আয়োজন কৰা হৈছিল সাংস্কৃতিক অনুষ্ঠানত সংঘটিত হয় এই ঘটনা। অনুষ্ঠানত গীত পৰিবেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল কেইবাটাও দলক।

একাংশ সংবাদ মাধ্যমত প্ৰকাশ কৰা তথ্য অনুসৰি  অনুষ্ঠানত মহিলা শিল্পীৰ ওপৰত অত্যাচাৰ চলালে একাংশ লোকে। শ শ উত্তেজিত দৰ্শকে  নগ্ন নৃত্য প্ৰদৰ্শন নকৰিলে হত্যা কৰাৰ ভাবুকি দিয়ে মহিলা শিল্পীক। পিছত সৌভাগ্য ক্ৰমে অনুষ্ঠান আয়োজন কৰা ঠাইৰ পৰা শিল্পীৰ দলে পলায়ন কৰি পুৱতি নিশা বকো থানাত আশ্ৰয় লয়।

নিশাই ঘটনাস্থলীত উপস্থিত হয় জোৰশিমলু আৰক্ষী। ঘটনাক কেন্দ্ৰ কৰি এতিয়া চৌদিশে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। উল্লেখযোগ্য যে কোঁচ বিহাৰৰ নৃত্য দল বুলি টিকট বিক্ৰী কৰিছিল আয়োজক সমিতিয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি