ধিং FRUত জন্মৰ প্ৰমাণপত্ৰক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ভুক্তভোগী ৰাইজে। সন্তানৰ জন্ম প্ৰমাণ–পত্ৰৰ নামত দীৰ্ঘদিনে হাৰাশাস্তি কৰাৰ অভিযোগ ৰাইজৰ। এই অভিযোগ ধিং FRUত থকা জন্ম–মৃত্যুৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে।
দিনৰ পাছত দিন, মাহৰ পাছত মাহ চিকিৎসালয়লৈ অহা–যোৱা কৰি থকাৰ পাছতো বহু অভিভাৱকে আজিকোপতি লাভ কৰিব পৰা নাই সন্তানৰ প্ৰমাণ–পত্ৰ, যাৰ বাবে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটে সোমবাৰে। প্ৰমাণ–পত্ৰ বিচাৰি আহিলে বিভাগীয় কৰ্তৃপক্ষই এইসকল লোকক প্ৰায়েই দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে।
অকল ইমানেই নহয় জন্মৰ প্ৰমাণ–পত্ৰৰ নামত ধন লোৱাৰো গুৰুতৰ অভিযোগ কৰিছে প্ৰতিবাদী ৰাইজে। প্ৰতিবাদকাৰীয়ে স্বাস্থ্য মন্ত্ৰী হায় হায়, স্বাস্থ্য বিভাগ মুৰ্দাবাদ, ধিং FRU হায় হায় আদি শ্লোগানেৰে উত্তাল কৰে ধিং FRU ৰ চৌহদ ।
ইফালে, ধিং FRU ৰ কৰ্তৃপক্ষই এই সমগ্ৰ ঘটনা সন্দৰ্ভত টুলুঙা মন্তব্য কৰাক লৈয়ো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাত স্বাস্থ্য বিভাগৰ বিষয়া–কৰ্মচাৰীৰ এনে কৰ্ম–কাণ্ডত চিন্তিত কৰি তুলিছে সচেতন মহলক ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|