• Home
  • »
  • News
  • »
  • assam
  • »
  • Petrol : লংকাৰ নলাত পেট্ৰ'লৰ উজান। বাল্টি, বটলত ভৰাই পেট্ৰ'ল নিয়াত ব্যস্ত লোক

Petrol : লংকাৰ নলাত পেট্ৰ'লৰ উজান। বাল্টি, বটলত ভৰাই পেট্ৰ'ল নিয়াত ব্যস্ত লোক

হোজাইৰ জোৰাপুখুৰীৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি আবেলি দুৰ্ঘটনাত পতিত হৈছিল এখন পেট্ৰ’ল ভৰ্তি টেংকাৰ।

হোজাইৰ জোৰাপুখুৰীৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি আবেলি দুৰ্ঘটনাত পতিত হৈছিল এখন পেট্ৰ’ল ভৰ্তি টেংকাৰ।

হোজাইৰ জোৰাপুখুৰীৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি আবেলি দুৰ্ঘটনাত পতিত হৈছিল এখন পেট্ৰ’ল ভৰ্তি টেংকাৰ।

  • Share this:
হোজাই জিলাৰ জোৰাপুখুৰী ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ নলাত আজি আবেলি উঠে পেট্ৰ'লৰ উজান। নলাৰ পানীত বজাৰত ১০০ টকীয়া পেট্ৰ'ল দেখা পোৱাৰ পিছত কোনেনো আৰু ৰৈ থাকে পেট্ৰ'ল নোলোৱাকৈ। ফলত কি পথচাৰী কি স্থানীয় ব্যক্তি সকলোৱে নলাৰ পৰা পেট্ৰ'ল লোৱাত  হৈ পৰে ব্যস্ত ।

কোনোবাই বাইক ৰখাই বটলেৰে লৈছে পেট্ৰ’ল আন কোনোবাই আকৌ বাল্টিৰে উঠাই লৈছে পেট্ৰ’ল। মুঠৰ ওপৰত যিয়ে যেনেকৈ পাৰিছে তেনেকৈ পেট্ৰ’ল লোৱাত হৈ আছিল ব্যস্ত। হয়তো এতিয়া আপুনিও ভাবিব  আছে নলাত ক’ৰ পৰানো ওলাইছে পেট্ৰ’ল।

জোৰাপুখুৰীৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি আবেলি দুৰ্ঘটনাত পতিত হৈছিল AS-02AC-7290 নম্বৰৰ এখন পেট্ৰ’ল ভৰ্তি টেংকাৰ। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি গৈ কাৰ্লভাৰ্টত ওলমি থকা টেংকাৰ খনৰ পৰা অহৰহ নিৰ্গত হৈ আছিল পেট্ৰল ।ফলত কাৰ্লভাৰ্টৰ তলৰ পানী ভৰ্তি নলাত মুহূৰ্তত ভৰি পৰিছিল পেট্ৰ’লেৰে। পেট্ৰ’ল দেখা মাত্ৰেই ৰাইজে অঘটনৰ প্ৰতি তিললমানো গুৰুত্ব নিদি পেট্ৰ’ল লোৱাতহে হৈ পৰিছিল ব্যস্ত।

পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দল উপস্থিত হৈ সুকলমে পেট্ৰল কঢ়িওৱা টেংকাৰ খন উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনাৰ ফলত আহত হোৱা চালক হেণ্ডিমেনক উদ্ধাৰ কৰি প্ৰেৰণ কৰে চিকিৎসালয়লৈ।
Published by:Manjumoni Borah
First published: