মুখ্যপৃষ্ঠা » খবৰ

» অসম

»গহপুৰৰ ছত্ৰং বৰবালিত গাঁঠিৰ ধন ভাঙি খহনীয়া প্ৰতিৰোধৰ চেষ্টা ৰাইজৰ । এক দশকতো গা নলৰিল চৰকাৰৰ।

গহপুৰৰ ছত্ৰং বৰবালিত গাঁঠিৰ ধন ভাঙি খহনীয়া প্ৰতিৰোধৰ চেষ্টা ৰাইজৰ । এক দশকতো গা নলৰিল চৰকাৰৰ।

News18 Assam | News18-Assam
Updated:June 3, 2021, 8:57 PM IST
গহপুৰৰ ছত্ৰং বৰবালিত গাঁঠিৰ ধন ভাঙি খহনীয়া প্ৰতিৰোধৰ চেষ্টা ৰাইজৰ । এক দশকতো গা নলৰিল চৰকাৰৰ।
ঘৰে প্ৰতি পাঁচশৰ পৰা এহাজাৰ টকাকৈ বৰঙণি তুলি খহনীয়া প্ৰতিৰোধৰ বাবে বাঁহৰ গোজ পুতে ৰাইজে।

ঘৰে প্ৰতি পাঁচশৰ পৰা এহাজাৰ টকাকৈ বৰঙণি তুলি খহনীয়া প্ৰতিৰোধৰ বাবে বাঁহৰ গোজ পুতে ৰাইজে।

  • Share this:
গহপুৰ নগৰৰ মাজেৰে বৈ যোৱা পাহাৰীয়া খৰস্ৰোতা নদী ছত্ৰঙৰ বাঢ়নী পানী আৰু খহনীয়াই বিগত প্ৰায় এটা দশক ধৰি প্ৰতিটো বাৰিষাতে তাণ্ডৱৰ সৃষ্টি কৰি আহিছে। ইয়াৰ ফলত গহপুৰ নগৰৰ লগতে নগৰখনৰ সমীপৱৰ্তী এলেকাৰ ৰাইজৰ খেতি-পথাৰ, সা- সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন হয়। বিগত দহ বছৰ এলেকাটোৰ বহু পৰিয়ালৰ ঘৰ-বাৰীৰ লগতে বিস্তৰ এলেকাৰ কৃষি ভূমি খহনীয়াত জাহ গৈছে। এই ক্ষেত্রত সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষই উক্ত এলেকাৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ সক্ষম নোহোৱাত বিপাঙত পৰিছে ভুক্তভোগী ৰাইজ।

এনে অৱস্থাত এইবাৰ ৰাইজে নিজা প্ৰচেষ্টাৰে নদী খনৰ খহনীয়া প্ৰতিৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লগা হৈছে। ৰাইজে চৰকাৰী কৰ্তৃপক্ষলৈ বাট নাচাই নিজ শ্ৰম দানেৰে নদীখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে ওলাই আহিছে। ভুক্তভোগী ৰাইজে ঘৰে প্ৰতি পাঁচশৰ পৰা এহাজাৰ টকাকৈ বৰঙণি সংগ্ৰহ কৰি নদীখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে বাঁহৰ গোজ পুতে।

ৰাইজে এনেদৰে গাঁঠিৰ ধন ভাঙি বাঁহৰ গোজেৰে খহনীয়া প্ৰতিৰোধৰ বাবে অব্যাহত ৰখা এনে প্ৰচেষ্টাই সমাগত বাৰিষাত খৰস্ৰোতা নদী খনৰ তাণ্ডৱ প্ৰতিহত কৰিব পাৰিবনে নাই সেইটো সময়েহে নিশ্চিত কৰিব। তদুপৰি আৰু বিভিন্ন এশ এবুৰি সমস্যাৰে জৰ্জৰিত অঞ্চলটোত নাই বাট-পথ, বিশুদ্ধ খোৱা পানীৰ সু ব্যৱস্থা। কোৰোণা কালত এতিয়া অধিক জুৰুলা হৈ পৰিছে গাঁওবাসী।
Published by: Manjumoni Borah
First published: June 3, 2021, 8:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি