বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ আঠজনীয়া বিধায়কৰ দল এটা আজি বৰপেটাত উপস্থিত হয়। অধ্যক্ষ ৱাজেদ আলী চৌধুৰীৰ নেতৃত্ব অহা দলটোত আছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, হাফিজ ব ছিৰ আহমেদ কাছিমী, বসন্ত দাস, কমলাক্ষ দে' পুৰকায়স্থ, ভবেন্দ্ৰ নাথ ভৰালী, কৰিমুদ্দিন বৰভূঞা আৰু মাধব ডেকা।
তেওঁলোকে প্ৰথমে ডিআৰডিএৰ দ্বাৰা চতুৰ্দশ বিত্তীয় আঁচনিৰ অধীনত চেঙাত নিৰ্মিত জিৰণি চ'ৰা পৰিদৰ্শন কৰে, তাৰ পিছত লোকনিৰ্মাণৰ দ্বাৰা নিৰ্মাণ কৰা সাক্ষৰ আঁচনিৰ অধীনত চেঙা-বহৰি পথটো পৰিদৰ্শন কৰে ৷
ইয়াৰ পিছতে দলটোৱে সৰুক্ষেত্ৰী সমষ্টিলৈ ৰাওনা হয় ৷ সৰুক্ষেত্ৰী সমষ্টিৰ কৃষ্ণগুৰু সেৱাশ্ৰমত জলসম্পদ বিভাগে নিৰ্মাণ কৰা SOPD-G আঁচনিৰ অধীনত ৫ কোটি ৩৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মীয়মাণ আঁচনি পৰিদৰ্শন কৰে ৷
ইয়াৰোপৰি দলটোৱে জিলাখনৰ বিভিন্ন বিভাগৰ আঁচনি পৰিদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে ৷ আঁচনিসমূহ পৰিদৰ্শন কৰি ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ অধ্যক্ষ আলী চৌধুৰীৰ কয় যে চৰকাৰে আঁচনিসমূহৰ নামত দিয়া ধন সঠিকভাৱে ৰূপায়ণ হৈছে নে নাই চোৱাটো আমাৰ দায়িত্ব ৷ বৰপেটা এখন কৃষিপ্ৰধান জিলা ৷ জিলাখনৰ কৃষকে উৎপাদিত পাচলি বিক্ৰী তথা সংৰক্ষণৰ ক্ষেত্ৰত সমস্যাত ভুগি থকা বুলিও তেওঁ উল্লেখ কৰে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|