লংকাত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক আক্ৰমণ, আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদত বহিল সত্যৰঞ্জন

লংকাত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক আক্ৰমণ কৰাক লৈ উত্তেজনা। আৰক্ষী অধীক্ষকে সত্যৰঞ্জন বৰাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত ধৰ্ণাত বহিল হিন্দুত্ববাদী নেতাজন।
লংকাত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক আক্ৰমণ কৰাক লৈ উত্তেজনা। আৰক্ষী অধীক্ষকে সত্যৰঞ্জন বৰাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত ধৰ্ণাত বহিল হিন্দুত্ববাদী নেতাজন।
- News18 Assam
- Last Updated: January 15, 2021, 11:22 PM IST
লংকাৰ লস্কৰপথাৰত শুকুৰবাৰে বিয়লি হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি লংকাত বিৰাজ কৰিছে চাঞ্চল্যৰ।ইপিনে উক্ত ঘটনাৰ পিছত আৰক্ষী অধীক্ষক মানবেন্দ্ৰ দেৱৰায়ে সত্যৰঞ্জন বৰাক ফোনত দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ তুলি সন্ধিয়া লংকা থানাৰ প্ৰৱেশ গেটত সত্যৰঞ্জন বৰা আৰু তেওঁৰ সমৰ্থক সকলে আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে ৰূপায়ন কৰিছে ধৰ্ণা।
প্ৰতিবাদকাৰীয়ে আৰক্ষী অধীক্ষক মুর্দাবাদ,আৰক্ষী অধীক্ষক হায় হায়, সত্যৰঞ্জনক ন্যায় দিয়ক আদি শ্লোগানেৰে উত্তাল কৰি তোলে থানাৰ প্ৰৱেশ গেট। লগতে আৰক্ষী অধীক্ষক উপস্থিত হৈ ক্ষমা নিবিচৰা লৈকে প্ৰতিবাদী ধৰ্ণা অব্যাহত থাকিব বুলিও সত্যৰঞ্জন বৰাই হুংকাৰ দিছে।