মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Digital Card: বিধানসভাৰ সকলো সদস্যৰ বাবে ডিজিটেল পৰিচয় পত্ৰৰ ব্যৱস্থা, ফলক লগাব বড়ো ভাষাৰ

Digital Card: বিধানসভাৰ সকলো সদস্যৰ বাবে ডিজিটেল পৰিচয় পত্ৰৰ ব্যৱস্থা, ফলক লগাব বড়ো ভাষাৰ

News18 Assam | News18-Assam
Updated:July 6, 2021, 4:09 PM IST
Digital Card: বিধানসভাৰ সকলো সদস্যৰ বাবে ডিজিটেল পৰিচয় পত্ৰৰ ব্যৱস্থা, ফলক লগাব বড়ো ভাষাৰ
ডিজিটেল পৰিচয় পত্ৰ মেচিনত শ্বৱাইপ কৰিহে প্ৰৱেশ কৰি কৰিব পাৰিব সাংবাদিকেও।

ডিজিটেল পৰিচয় পত্ৰ মেচিনত শ্বৱাইপ কৰিহে প্ৰৱেশ কৰি কৰিব পাৰিব সাংবাদিকেও।

  • Share this:
অসম বিধানসভাত এটাৰ পিছত আন এটা নতুন পদক্ষেপ গ্ৰহণ কৰিবলৈ লৈছে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ৷ ফুলেৰে বিধানসভাৰ চৌহদ জাতিষ্কাৰ কৰাৰ পিছত এইবাৰ ডিজিটেল পৰিচয় পত্ৰৰ ব্যৱস্থা কৰিব ৷ সকলো বিধায়কৰ বাবে কৰিব ডিজিটেল পৰিচয় পত্ৰৰ ব্যৱস্থা ৷

বিধানসভাৰ প্ৰৱেশ দ্বাৰত স্থাপন কৰা হ'ব ডিজিটেল পৰিচয় পত্ৰ শ্বৱাইপ কৰা মেচিন ৷ ইতিমধ্যে বিধায়কসকললৈ বিধানসভাৰ সচিবালয়ৰ পৰা পৰিচয় পত্ৰ প্ৰস্তুতৰ বাবে সংশ্লিষ্ট তথ্য পাতি বিচাৰি প্ৰেৰণ কৰা হৈছে পত্ৰ ৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই প্ৰসংগত ক'লে- “আজিৰ তাৰিখত সকলো ডিজিটেল হৈছে ৷ অসম বিধানসভাৰ সদস্যসকলৰ পৰিচয় পত্ৰও ডিজিটেল কৰিবলৈ লোৱা পদক্ষেপক আদৰণি জনাইছোঁ ৷”

এতিয়াৰ পৰা আৰু নাথাকিব পূৰ্বৰ পৰিচয় পত্ৰ ৷ ইয়াৰ সলনি ডিজিটেল পৰিচয় পত্ৰ দিয়া হ'ব বিধানসভাৰ সকলো সদস্যকে ৷ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ এই পদক্ষেপক আদৰণি জনায় বিৰোধী উপদলপতি ৰকিবুল হুছেইনে ৷ এই সন্দৰ্ভত ৰকিবুল হুছেইনে ক'লে- “এই পদক্ষেপক আমি আদৰণি জনাইছোঁ, যি নিয়ম কৰে, সেই নিয়মকেই আমি মানি চলিম ৷ এতিয়াতো ডিজিটেলৰে যুগ ৷”

বিধায়কসকলৰ লগতে সাংবাদিকসকলৰ বাবেও ডিজিটেল পৰিচয় পত্ৰৰ ব্যৱস্থা কৰা হ'ব ৷ বিধানসভাৰ সংবাদ সংগ্ৰহৰ বাবে বিধানসভাত প্ৰৱেশ কৰিবলগীয়া হ'লে এতিয়াৰে পৰা সাংবাদিকসকলে শ্বৱাইপ মেচিনত ডিজিটেল পৰিচয় পত্ৰ শ্বৱাইপ কৰি প্ৰৱেশ কৰিব লাগিব৷

ইপিনে বিধানসভাত আসন্ন বাজেট অধিৱেশনৰ পৰাই ব্যৱহাৰ হ'ব ৰাজ্যৰ সহযোগী ভাষা বড়ো ভাষা ৷ সেই হিচাপত অসম বিধানসভাৰ মূল প্ৰৱেশদ্বাৰত লিখা থকা 'অসম বিধান সভা'ৰ ফলকৰ লগতে বড়ো ভাষাতে লিখা হ'ব আন এক ফলক ৷
Published by: Gautam Barman
First published: July 6, 2021, 4:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি