পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হৈছে এই অনুষ্ঠান। অসম আৰক্ষীৰ জোৱানসকলে অংশ লৈছে পেৰেডত
পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হৈছে এই অনুষ্ঠান। অসম আৰক্ষীৰ জোৱানসকলে অংশ লৈছে পেৰেডত
অসম আৰক্ষীৰ বাবে আজি এক গৌৰৱৰ দিন। আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক প্ৰদান কৰিব ৰাষ্ট্ৰপতিৰ নিচান। শান্তি আৰু যুদ্ধ উভয় ক্ষেত্ৰলৈ আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে ৰাষ্ট্ৰপতিৰ নিচান আগবঢ়োৱা হৈছে অসম আৰক্ষীলৈ।
এই উপলক্ষে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজন কৰা হৈছে এক বৰ্ণাঢ্য কাৰ্যসূচীৰ। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হৈছে এই অনুষ্ঠান। অসম আৰক্ষীৰ জোৱানসকলে অংশ লৈছে পেৰেডত। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰা নৱমখন ৰাজ্য হৈছে অসম।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|