ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিলৰ দাবীত চন্দ্ৰপুৰত AEGCLৰ পাৱাৰগ্ৰিড ঘেৰাও।
চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্প এলেকাত থকা পাৱাৰগ্ৰিড ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চ চন্দ্ৰপুৰে। বৃহস্পতিবাৰে দিনৰ ১১ বজাত ৰূপায়ণ কৰা হয় এই ঘেৰাও কাৰ্যসূচী।
প্ৰতিবাদকাৰীয়ে পাৱাৰগ্ৰিডৰ ভিতৰত প্রৱেশৰ চেষ্টা কৰে যদিও বাধা প্ৰদান কৰে আৰক্ষী প্ৰশাসনে। বৃহৎ বেৰিকেড লগাই বাধা প্ৰদান কৰে আৰক্ষী তথা AEGCL কৰ্তৃপক্ষই।
ইয়াৰ পিছতেই প্ৰতিবাদকাৰীসকলে চন্দ্ৰপুৰ তাপবিদ্যুৎ প্ৰকল্প চৌহদত প্ৰৱেশ কৰা গেটৰ সন্মুখত অৱস্থান কৰি দিনৰ ২ বজালৈ প্ৰতিবাদ সাব্যস্ত কৰে।
দিনৰ ২ বজাত ডাম্পিং গ্ৰাউণ্ড বিৰোধী মঞ্চই AEGCL ৰ বিষয়াৰ জৰিয়তে APGCL কৰ্তৃপক্ষক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰক পত্ৰখনত অহা ২৫ আগষ্টৰ ভিতৰত APGCL কৰ্তৃপক্ষই পৌৰ নিগমক প্ৰদান কৰা ৪০ বিঘা ভূমি বাতিল কৰিবলৈ দাবী উত্থাপন কৰে। অন্যথা ৰাইজে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ব বুলি উল্লেখ কৰে। উল্লেখ্য যে বিগত ডেৰ মাহৰো অধিক সময় ধৰি চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|