কালি কোকৰাঝাৰত দুই সন্দেহজনক ULB সদস্য নিহত হোৱাক লৈ উত্তাল পৰিৱেশ বিৰাজ কৰিছে কোকৰাঝাৰত। অসম আৰক্ষীয়ে অতি শীতল মস্তিষ্কৰে ভুৱা সংঘৰ্ষৰ জৰিয়তে জৌংছাৰ মুছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্ম নামৰ দুই যুৱকক ইউএলবি উগ্ৰপন্থী সজাই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।
দুৰ্ঘটনাত পতিত হৈ আৰক্ষীৰ জিম্মাত থকা অৱস্থাত ভুৱা সংঘৰ্ষৰে জৌংছাৰ মুছাহাৰীক গুলীয়াই হত্যা কৰা বুলি প্ৰতিবাদ কৰে ৰাইজে। কোকৰাঝাৰ জিলাৰ শালগুৰিত স্থানীয় ৰাইজে মৃতদেহ লৈ এক বৃহৎ প্ৰতিবাদী সমদল উলিয়ায়। আৰক্ষীৰ গুলীত নিহত জৌংছাৰ মুছাহাৰীৰ বাসগৃহৰ পৰা প্ৰায় তিনি শতাধিক পুৰুষ-মহিলাৰ অংশগ্ৰহণত উলিওৱা উক্ত প্ৰতিবাদী সমদলটো শালগুৰি বজাৰ হৈ প্ৰায় চাৰি কিলোমিটাৰ পথ অতিক্ৰম কৰি পৰিস্থিতি উত্তাল কৰি তোলে ।
হাতে হাতে ফেষ্টুন, বেনাৰ আদি লৈ ভুৱা সংঘৰ্ষ বন্ধ কৰক, অসম পুলিচ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা হুছিয়াৰ, প্ৰমোদ বড়ো হুছিয়াৰ, উই ৱান্ট জাষ্টিচ, অসম চৰকাৰ হায় হায় আদি শ্নোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷
আনহাতে, আৰক্ষীৰ গুলীত নিহত জৌংছাৰ মুছাহাৰীৰ বাসগৃহত আজি কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ এছ কে বৈছৌমুথিয়াৰী উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে। ইয়াৰ পিছত সংবাদ মাধ্যমৰ আগত দুগৰাকী যুৱকক এনেদৰে এনকাউন্টাৰৰ নামত গুলীয়াই হত্যা কৰা ঘটনাক জঘন্যতম বুলি অভিহিত কৰে৷
তেওঁ আৰক্ষীৰ ভূমিকাক কঠোৰ ভাষাৰে গৰিহণা দি ৰাষ্ট্ৰসংঘই ঘোষণা কৰা খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ যি মানৱ অধিকাৰ, সেয়া খৰ্ব কৰা হৈছে বুলি অভিযোগ তুলি ভুৱা সংঘৰ্ষৰ ওপৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ জৰিয়তে তদন্ত কৰাৰ লগতে মানৱ অধিকাৰ আয়োগকো তদন্ত কৰিবলৈ দাবী জনাইছে৷
আনহাতে বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বিএছইউৰ সাধাৰণ সম্পাদক বঞ্জিত মঞ্জিল বসুমতাৰীয়ে বড়োভূমিত এয়াই প্ৰথম ভুৱা সংঘৰ্ষৰ ঘটনা নহয়, এয়া অতি দুৰ্ভাগ্যজনক ঘটনা বুলি অভিহিত কৰে। ছাত্র নেতাগৰাকীয়ে এই সন্দৰ্ভত দেশৰ গৃহমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দি ভুৱা সংঘৰ্ষৰ ওপৰত তদন্ত কৰিবলৈ দাবী উত্থাপন কৰিছে।
উল্লেখ্য যে আবেলি কোকৰাঝাৰ পূব জনজাতি বিধানসভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী জৌংছাৰ মুছাহাৰীৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ আজি আবেলি জৌংছাৰৰ শেষকৃত্য জন্মগাঁও শালগুৰি শ্মশানত সম্পন্ন কৰা হয়৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|