বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে বাঘবৰৰ মন্দিয়া জামে মছজিদ আৰু কবৰস্থানক ভূমি দানক লৈ বৰপেটাত প্ৰতিক্ৰিয়া অব্যাহত আছে। ভূমিদান প্ৰক্ৰিয়াক লৈ চিবিআই অথবা ইডিৰ জৰিয়তে মুখ্যমন্ত্ৰীক তদন্তৰ দাবীত বৰপেটাত প্ৰতিবাদী সমদল উলিওৱা হয়। বৃহত্তৰ বৰপেটা ভূমি সংৰক্ষণ মঞ্চৰ নেতৃত্বত আজি বৰপেটা চহৰত প্ৰতিবাদী সমদল উলিয়াই বৰপেটাৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰদান কৰি সত্ৰৰ মাটি মছজিদ আৰু কবৰস্থানক দান দিয়া বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰে ৷
যিসময়ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ৰ নেতৃত্বত সত্ৰৰ ভূমি, বনভূমি, চৰকাৰী ভূমি অবৈধ দখল উচ্ছেদ অভিযানে ৰাজ্যবাসীৰ মাজত যথেষ্ট আশাৰ সঞ্চাৰ কৰিছে তেনে সময়তে বৰপেটা সত্ৰৰ ৰজাদিনীয়া প্রদত্ত ভূমিৰ অংশ মন্দিয়া জামে মছজিদ আৰু কবৰস্থানক অবৈধ আৰু অকৰ্তৃত্বশীলভাৱে দান কৰা কাৰ্যত আশ্চর্য প্রকাশ কৰি মুখ্যমন্ত্ৰীক তদন্তৰ দাবী জনাইছে বৃহত্তৰ বৰপেটা ভূমি সংৰক্ষণ মঞ্চই।
উল্লেখ্য যে আহোম ৰজা শিৱ সিংহৰ শাসন কালত মহাপ্ৰভুৰ সেৱাকৰ্মত আর্থিক সহযোগিতা আগবঢ়োৱাৰ অৰ্থে শ্ৰীশ্ৰীস্বৰ্গনাৰায়ণৰ নামত সমস্ত ভূমিৰ অধিকাৰী কৰি তাম্ৰপত্ৰযোগে ভূমিদান কৰিছিল। এই ভূমিৰ একমাত্ৰ অধিকাৰী মহাপ্রভু নাৰায়ণ। ৰজাদিনীয়া ভূমি দানৰ মূল উদ্দেশ্য আছিল সত্ৰৰ ভূমিভাগ কোনো কালে যাতে কোনেও হস্তান্তৰ কৰিব নোৱাৰে অথবা দান দিব নোৱাৰে তাক নিশ্চিত কৰা। আনকি ভৱিষ্যতে সত্ৰৰ ভূমি ভাগৰ গৰিমা আৰু পৰিসীমা কোনো কালে যাতে সংকুচিত হ'ব নোৱাৰে তেনে ব্যৱস্থাৰে মহাপ্ৰভুৰ নামত আহোম ৰজা শিৱসিংহই স্থায়ী অক্ষত নীতিৰে ভূমিদান কৰিছিল।
পৰৱৰ্তী সময়ত ইংৰাজ শাসক বর্গই পূৰ্বৰ ৰজাদিনীয়া নীতিকে বাহাল ৰাখিছিল। ৰজাদিনীয়া ভূমিনীতিক সম্পূর্ণ অবজ্ঞা কৰি মন্দিয়া জামে মছজিদ আৰু কবৰস্থানক বৰপেটা সত্ৰ (Barpeta Satra) পৰিচালনা সমিতিয়ে কি পৰিস্থিতিত অকৰ্তৃত্বশীলভাৱে অতি কৌশলেৰে ৫ (পাঁচ) বিঘা ভূমি দান কৰিলে সেয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰা বুলি স্মাৰক-পত্ৰত উল্লেখ কৰি ইয়াৰ অন্তৰালত ৰাষ্ট্ৰবিৰোধী অপশক্তিৰ ভয়-ভাবুকি নে মুখ্যমন্ত্ৰীৰ অবৈধ দখল উচ্ছেদ অভিযানক ব্যৰ্থ কৰাৰ ৰাজনৈতিক ষড়যন্ত্ৰ বুলি সন্দেহ প্ৰকাশ কৰে বৃহত্তৰ বৰপেটা ভূমি সংৰক্ষণ মঞ্চই ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।