মুখ্যপৃষ্ঠা » খবৰ

» অসম

»জলসিঞ্চন বিভাগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাসকল মন্ত্ৰী–বিধায়কৰ অঙহী–বঙহী, অভিযোগ দুৰ্নীতিবিৰোধী যুৱ শক্তি অসমৰ

জলসিঞ্চন বিভাগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাসকল মন্ত্ৰী–বিধায়কৰ অঙহী–বঙহী, অভিযোগ দুৰ্নীতিবিৰোধী যুৱ শক্তি অসমৰ

News18 Assam | News18-Assam
Updated:October 13, 2020, 8:50 PM IST
জলসিঞ্চন বিভাগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাসকল মন্ত্ৰী–বিধায়কৰ অঙহী–বঙহী, অভিযোগ দুৰ্নীতিবিৰোধী যুৱ শক্তি অসমৰ
সংগঠনটোৰ দাবী - SI পৰীক্ষাৰ কেলেংকাৰীৰ দৰেই কেলেংকাৰী সংঘটিত হৈছে জলসিঞ্চন বিভাগৰ পৰীক্ষাত৷

সংগঠনটোৰ দাবী - SI পৰীক্ষাৰ কেলেংকাৰীৰ দৰেই কেলেংকাৰী সংঘটিত হৈছে জলসিঞ্চন বিভাগৰ পৰীক্ষাত৷

  • Share this:
SI নিযুক্তি পৰীক্ষাৰ কেলেংকাৰীত অভিযুক্তৰ ঘৰত জলসিঞ্চন বিভাগৰ ক্ষেত্ৰ সহায়ক নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত উদ্ধাৰ হোৱাৰ পিছত কেনেকৈ ফলাফল ঘোষণা কৰিলে চৰকাৰে? এই গুৰুত্বপুৰ্ণ অভিযোগ উত্থাপন কৰি আজি দুৰ্নীতি বিৰোধী যুৱশক্তি অসমে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰত৷

সংগঠনটোৰ দাবী - SI পৰীক্ষাৰ কেলেংকাৰীৰ দৰেই কেলেংকাৰী সংঘটিত হৈছে জলসিঞ্চন বিভাগৰ পৰীক্ষাত৷ গতিকে এই পৰীক্ষাৰ ফলাফল বাতিল কৰি অনুষ্ঠিত কৰিব লাগে নতুন পৰীক্ষা।

লখিমপুৰ নগৰৰ মাজমজিয়াত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী ভৱেশ কলিতাৰ প্ৰতিকৃতি দাহ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ধৰ্মকান্ত গগৈৰ মন্তব্য, ‘‘ফাদিল হোৱা প্ৰশ্ন কাকতেৰে অনুষ্ঠিত কৰিছিল পৰীক্ষা৷ যিসকল উত্তীৰ্ণ হৈছে তেওঁলোক মন্ত্ৰী–বিধায়কৰ অঙহী-বঙহী৷’’
Published by: Sanjay Kumar Das
First published: October 13, 2020, 8:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি