অখিল গগৈৰ মুক্তিৰ দাবীত ব্ৰহ্মপুত্ৰৰ বুকুত ছাত্ৰ মুক্তি, নাৱৰীয়া-মাছমৰীয়াৰ প্ৰতিবাদ

News18 Assam | News18-Assam
Updated:July 28, 2020, 4:55 PM IST
অখিল গগৈৰ মুক্তিৰ দাবীত ব্ৰহ্মপুত্ৰৰ বুকুত ছাত্ৰ মুক্তি, নাৱৰীয়া-মাছমৰীয়াৰ প্ৰতিবাদ
ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু শতাধিক বানাক্ৰান্ত ৰাইজ তথা নাৱৰীয়া-মাছমৰীয়া, কৃষক আদিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু শতাধিক বানাক্ৰান্ত ৰাইজ তথা নাৱৰীয়া-মাছমৰীয়া, কৃষক আদিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

  • Share this:
'কা' বিৰোধী আন্দোলনৰ পিছৰে পৰা কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত আজি বৰপেটাৰ চেঙা সমষ্টিৰ চেনিমাৰীত ব্ৰহ্মপুত্ৰৰ বুকুত বহৰি আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু শতাধিক বানাক্ৰান্ত ৰাইজ তথা নাৱৰীয়া-মাছমৰীয়া, কৃষক আদিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

যুৱ সমাজকৰ্মী তথা ছাত্ৰ মুক্তিৰ নেতা আশ্ৰাফুল হুছেইন আৰু ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক বাবুল হুছেইনৰ নেতৃত্বত চেনিমাৰী, ৰৌমাৰী, ছাটা, চেংলিদিয়া, মালিপাৰা আদি গাঁৱৰ ৰাইজে ব্ৰহ্মপুত্ৰৰ মাজত নাৱত উঠি এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে।

‘অখিল গগৈক মুক্তি দিয়ক’, ‘অখিল গগৈক হত্যা কৰিবলৈ দিয়া নহ'ব’, ‘বিজেপি চৰকাৰ হায় হায়’, ‘'কা' আমি নামানো’ আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নাৱৰীয়া-মাছমৰীয়া আৰু কৃষক ৰাইজে।
Published by: Sanjay Kumar Das
First published: July 28, 2020, 4:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading