உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অখিল গগৈৰ মুক্তিৰ দাবীত দক্ষিণ কামৰূপৰ সোণতলীত উত্তাল প্ৰতিবাদ

    অখিল গগৈৰ মুক্তিৰ দাবীত দক্ষিণ কামৰূপৰ সোণতলীত উত্তাল প্ৰতিবাদ

    প্ৰতিবাদকাৰীসকলে অখিল গগৈক মুক্তি দিয়ক, লাফিকুল হত্যাৰ ন্যায় লাগে, লাফিকুল হত্যাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰক, জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন আমি নামানো, কা আমাক নালাগে, আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

    • Share this:
    দক্ষিণ কামৰূপৰ জাওকাটা কলহীপাৰ আঞ্চলিক বজাৰ প্ৰাংগণত আজি অসম মিঞা (অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীৰ জাওকাটা কলহীপাৰ বজাৰ ক্লাব আৰু ৰাইজৰ সহযোগত অখিল গগৈক বিনাচৰ্তে মুকলি কৰি দিয়া, এবিএমছুৰ নেতা লাফিকুল হত্যাৰ ন্যায়, লাফিকুল হত্যাৰ অপৰাধীক গ্ৰেপ্তাৰ, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা আদি বিভিন্ন দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

    প্ৰতিবাদকাৰীসকলে অখিল গগৈক মুক্তি দিয়ক, লাফিকুল হত্যাৰ ন্যায় লাগে, লাফিকুল হত্যাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰক, জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন আমি নামানো, কা আমাক নালাগে, আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম মিঞা (অসমীয়া) পৰিষদ কামৰূপ জিলা সমিতিৰ সভাপতি এম মুক্তাৰ মণ্ডলে কয় যে অসমীয়াৰ হকে মাত মতা অখিল গগৈক অন্যায় আৰু আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰি ৰাখিছে। এয়া অসম চৰকাৰৰ চৰম অন্যায় আৰু অমানৱীয় কাৰ্য। প্ৰকৃতাৰ্থে চৰকাৰে অখিল গগৈক ভয় কৰি কৌশলগতভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰ চলাই আহিছে।

    ইয়াৰোপৰি এম মুক্তাৰ মণ্ডলে কয় যে এবিএমছুৰ নেতা লাফিকুল হত্যাৰ আজি তিনি বছৰ উকলি গ'ল কিন্তু আজিলৈকে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা নহ'ল কিয়? হাগ্ৰামা প্ৰশাসনৰ কোনোবা এজন নিশ্চয় হত্যাকাৰীৰ সৈতে জড়িত আছে৷ এনে ধৰণৰ কেইবাটাও বিস্ফোৰক মন্তব্য কৰে এম মুক্তাৰ মণ্ডলে৷

    ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা এজনো বাংলাদেশী অসমত সংস্থাপন কৰিবলৈ দিয়া নহ'ব, অন্যথা গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলিও চৰকাৰক সকীয়াই দিয়ে এম মুক্তাৰ মণ্ডলে৷
    Published by:Sanjay Kumar Das
    First published: