உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অখিল গগৈৰ মুক্তিৰ দাবীত সোণাৰিত কেইবাটাও সংগঠনৰ মানৱ শৃংখল

    অখিল গগৈৰ মুক্তিৰ দাবীত সোণাৰিত কেইবাটাও সংগঠনৰ মানৱ শৃংখল

    সংগঠনকেইটাই বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

    সংগঠনকেইটাই বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

    সংগঠনকেইটাই বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

    • Share this:
    চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ লাচিত উদ‍্যানত মানৱ শৃংখলৰ জৰিয়তে কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যৌথ প্ৰতিবাদ৷ কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি , টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপা, আহোম জাতীয় গণমঞ্চ, লাচিত সেনাৰ চৰাইদেউ জিলা সমিতিয়ে মানৱ শৃংখলৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰে৷

    সংগঠনকেইটাই বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীৰ অভিযোগ, অখিল গগৈক চৰকাৰে ভয় কৰে বাবেই ভুৱা গোচৰত কাৰাবন্দী কৰি ৰাখিছে৷ শীঘ্ৰে যদি কৃষক নেতাগৰাকীক চৰকাৰে বিনাচৰ্তে মুক্তি নিদিয়ে, তেতিয়া অনাগত দিনত সংগঠনকেইটাই সমগ্ৰ ৰাজ্যত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷
    Published by:Sanjay Kumar Das
    First published: