সৰভোগ আৰক্ষীয়ে তদন্ত কৰি ২১ আগষ্টৰ পুৱা খুদনাবাৰী পথাৰৰে মৰাপাটৰ খেতিৰ মাজত অন্তৰ্ধান হৈ থকা ৰফিকুল ইছলামৰ গেলিপছি যোৱা মৃতদেহ উদ্ধাৰ কৰে৷
সৰভোগ আৰক্ষীয়ে তদন্ত কৰি ২১ আগষ্টৰ পুৱা খুদনাবাৰী পথাৰৰে মৰাপাটৰ খেতিৰ মাজত অন্তৰ্ধান হৈ থকা ৰফিকুল ইছলামৰ গেলিপছি যোৱা মৃতদেহ উদ্ধাৰ কৰে৷
ৰফিকুলৰ হত্যাকাৰী ছাদ্দামক ফাঁচীৰ দাবীত আজি শতাধিক খুদনাবাৰী গাঁওবাসীয়ে সৰভোগ থানা ঘেৰাও কৰে। ৰফিকুল হত্যাৰ উচিত তদন্ত লাগে, ৰফিকুলৰ হত্যাকাৰীক ফাঁচী দিব লাগে আদি বিভিন্ন শ্লোগানেৰে সৰভোগ থানা উত্তাল কৰি তোলে খুদনাবাৰী গাঁৱৰ ৰাইজে। উল্লেখযোগ্য যে সৰভোগ থানাৰ অন্তৰ্গত খুদনাবাৰী পথাৰৰ ৰফিকুল ইছলাম নামৰ প্ৰায় ২২ বছৰীয়া যুৱকজনে এসপ্তাহ ধৰি অন্তৰ্ধান হৈ আছিল, যাৰ বাবে পৰিয়ালে সৰভোগ থানাত এখন এজাহাৰ দাখিল কৰিছিল৷
সৰভোগ আৰক্ষীয়ে তদন্ত কৰি ২১ আগষ্টৰ পুৱা খুদনাবাৰী পথাৰৰে মৰাপাটৰ খেতিৰ মাজত অন্তৰ্ধান হৈ থকা ৰফিকুল ইছলামৰ গেলিপছি যোৱা মৃতদেহ উদ্ধাৰ কৰে৷ এই হত্যাকাণ্ড সংক্ৰান্তত ছাদ্দাম হুছেইন নামৰ লোক এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। স্থানীয় ৰাইজে ছাদ্দাম হুছেইনে পৰিকল্পিতভাৱে হত্যাকাণ্ড সংঘটিত কৰা বুলি দাবী কৰাৰ লগতে ইয়াৰ লগত জড়িত সকলোকে গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়াৰ দাবী কৰি আজি সৰভোগ থানা ঘেৰাও কৰে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|