প্ৰতিবাদকাৰীসকলে ৰঙিয়া চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এক সমদল উলিয়ায়। চক্ৰ বিষয়াক বিভিন্ন দাবীসম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।
প্ৰতিবাদকাৰীসকলে ৰঙিয়া চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এক সমদল উলিয়ায়। চক্ৰ বিষয়াক বিভিন্ন দাবীসম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।
ৰঙিয়াত পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি নিৰ্মাণ, পৰ্যাপ্ত বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত সোমবাৰে চিটু আৰু নিখিল ভাৰত কৃষক সভাই প্ৰতিবাদ সাব্যস্ত কৰে। ভাৰত বাচাও আন্দোলনৰ লগত সংগতি ৰাখি সংগঠন দুটাই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। বানাক্ৰান্তক 'ৰিলিফ মেনুৱেল' মতে সাহায্য প্ৰদান, বানত সৰ্বস্বান্ত খেতিয়কক বিনামূলীয়া কঠিয়া আৰু বীজ যোগান, মথাউৰি মেৰামতিৰ কাম দুৰ্নীতিমুক্ত আৰু সঠিককৈ কৰা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ নামত দুৰ্নীতি কৰাসকলক শাস্তি দিয়া আৰু প্ৰকৃত হিতাধিকাৰীক আঁচনিৰ ধন প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনায়। পিছত প্ৰতিবাদকাৰীসকলে ৰঙিয়া চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এক সমদল উলিয়ায়। চক্ৰ বিষয়াক বিভিন্ন দাবীসম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|