ৰঙিয়াত বিধ্বস্ত পথত ভূঁই ৰুই উত্তাল প্ৰতিবাদ ৰাইজৰ। ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাৰকুছিৰ পৰা পূব দ্বাৰকুছিলৈ যোৱা পথৰ দৃশ্য এয়া। অতিষ্ঠ গঞা ৰাইজে জৰাজীৰ্ণ পথটোত শনিবাৰে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বোকা-পানীৰে কদৰ্যময় অৱস্থাৰ সৃষ্টি হোৱা পথটোত যাতায়াতৰ নামত দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু শিশু, বৃদ্ধ, মহিলাই যমৰ যাতনা ভুগি যাতায়াত কৰিবলগীয়া হয়।
ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাক গাঁওবাসীয়ে পথটো নিৰ্মাণ কৰিবলৈ বাৰম্বাৰ অনুনয়-বিনয় কৰি আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। উপায়হীন হৈ ৰাইজে এনেদৰে ভূঁই ৰুই ক্ষোভ উজাৰে। নিৰ্বাচনৰ সময়ত নেতাসকলে পথটো মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পিছত সকলো ফুটুকাৰ ফেনত পৰিণত হয়। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলে এনেধৰণৰ ভুৱা আশ্বাস-প্ৰতিশ্ৰুতিক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ।
ইফালে জৰুৰীকালীন সময়ত জৰাজীৰ্ণ পথটোৰ বাবে বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেঞ্চ অথবা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱৰাত আন এক সমস্যাৰ সন্মুখীন হৈ আহিছে। শোচনীয় পথটো মেৰামতিৰ বাবে চৰকাৰক গঞাই বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো চৰকাৰে কোনো কাণসাৰ নিদিয়াৰ অভিযোগ। ৰাইজৰ এই জ্বলন্ত সমস্যাক গুৰুত্ব দি অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ ক্ষুব্ধ লোকসকলে দাবী জনায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|