News18 AssamNews18 Assam
|
News18-Assam Updated:January 12, 2021, 11:38 AM IST
ঋণ লাভ কৰাৰ পিছতে পুনৰ একাউণ্টৰ পৰা কাটি নিয়া হ'ল লোণৰ টকা।
ঋণ লাভ কৰাৰ পিছতে পুনৰ একাউণ্টৰ পৰা কাটি নিয়া হ'ল লোণৰ টকা।
ৰঙিয়াত বন্ধন বেংকৰ নাভূত-নাশ্ৰুত কাণ্ড। পশ্চিম চেনিমাৰাৰ প্ৰায় ২০টা গোটৰ ১৫০গৰাকী মহিলাক বিনা অনুমতিত লোণ দিয়া হ’ল বন্ধন বেংকৰ তিনিআলি শাখাৰ পৰা। তাৰ পিছতে লোণ লাভ কৰা সকলোৰে একাউণ্ট আৰু এটিএম বন্ধ কৰি দিয়া হ’ল। ঋণ লাভ কৰাৰ পিছতে পুনৰ একাউণ্টৰ পৰা কাটি নিয়া হ'ল লোণৰ টকা। বেংক কৰ্তৃপক্ষই দৰিদ্ৰ গ্ৰাহকসকলক লোণ প্ৰদান কৰিও লোণৰ গোটেইখিনি টকা কাটি নিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ফলত গাঁওখনৰ পুৰুষ-মহিলা সকলোৱে ৰাজপথলৈ ওলাই আহি বন্ধন বেংকৰ বিৰুদ্ধে ক্ষোভ উজাৰে।
সাধাৰণতে বন্ধন বেংক অথবা মাইক্ৰ’ ফাইনেঞ্চৰ গ্ৰাহকক লোণ প্ৰদান কৰিলে কেইবাখনো প্ৰমান পত্ৰ বিচাৰে। কিন্তু যি সময়ত গ্ৰাহক সকলক ঋণ প্ৰদান কৰাৰ নামত বিভিন্ন ধৰণৰ নথি-পত্ৰৰ নামত হাৰাশাস্তি কৰি আহিছে, তাৰ বিপৰীতে বন্ধন বেংকে কেনেকৈ গ্ৰাহকৰ কোনো নথি-পত্ৰ নোহোৱাকৈ লোণ প্ৰদান কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে।
ইফালে, ঋণ লাভ কৰা লোকসকলৰ পূৰ্বৰে পৰা ঋণ লোৱা আছিল। কিন্তু ঋণৰ সম্পূৰ্ণ টকা উভতাই দিয়াৰ পূৰ্বেই পুণৰ ঋণ প্ৰদান কৰাত বেংকৰ এক দুৰ্নীতিৰ কথা পোহৰলৈ অহা অভিযোগ উঠিছে।
ৰঙিয়াত বন্ধন বেংকৰ নাভূত-নাশ্ৰুত কাণ্ড । পশ্চিম চেনিমাৰাৰ প্ৰায় ২০ টা গোটৰ ১৫০ মহিলাক বিনা অনুমতিত লোন দিয়া হল বন্ধন বেংকৰ তিনিআলি শাখাৰ পৰা । তাৰ পিছতে লোন লাভ কৰা সকলোৰে একাউণ্ট আৰু এটিএম বন্ধ কৰি দিয়া হল । ঋণ লাভ কৰাৰ পিছতে পুনৰ একাউণ্টৰ পৰা কাটি নিয়া হ'ল লোনৰ টকা । বেংক কতৃপক্ষই দৰিদ্ৰ গ্ৰাহক সকলক লোন প্ৰদান কৰিও লোনৰ গোটেইখিনি টকা কাটি নিলে । যাক লৈ গাঁৱখনৰ পুৰুষ-মহিলা সকলোৱে ৰাজপথত উলাই আহি বন্ধন বেংকৰ বিৰুদ্ধে ক্ষোভ উজাৰে । সাধাৰণতে বন্ধন বেংক অথবা মাইক্ৰ ফাইনেঞ্চৰ গ্ৰাহকক লোন প্ৰদান কৰিলে কেইবাখনো প্ৰমান পত্ৰ বিচাৰে । কিন্তু যি সময়ত গ্ৰাহক সকলক ঋণ প্ৰদান কৰাৰ নামত এখনৰ পিছত আন এখন বিভিন্ন ধৰণৰ নথি- পত্ৰৰ নামত হাৰাশাস্তি কৰি আহিছে । তাৰ বিপৰীতে বন্ধন বেংকে কেনেকৈ গ্ৰাহকৰ কোনো নথি-পত্ৰ নোহোৱাকৈ লোন প্ৰদান কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে । ইফালে ঋণ লাভ কৰা লোকসকলৰ পূৰ্বৰে পৰা ঋণ লোৱা আছিল । কিন্তু ঋণৰ সম্পূৰ্ণ টকা উভতাই দিয়াৰ পূৰ্বেই পুণৰ ঋণ প্ৰদান কৰাত বেংকৰ এক দুৰ্নীতিৰ কথা পোহৰলৈ অহা বুলি মন্তব্য । তাৰ পিছত গ্ৰাহকৰ হাতত পৰাৰ পূৰ্বেই এনেদৰে কাটি নিয়াত গভীৰ ৰহস্যৰ উদয় হৈছে ।