নাজিৰা ONGC আবাসিক এলেকাত চাফাই কৰ্মীৰ প্ৰৱেশ নিষেধ

News18 Assam | News18-Assam
Updated:May 19, 2020, 10:42 AM IST
নাজিৰা ONGC আবাসিক এলেকাত চাফাই কৰ্মীৰ প্ৰৱেশ নিষেধ
এই আবাসিক এলেকাৰ আবাসীসকলৰ ঘৰত কাম কৰিয়ে শতাধিক মহিলা চাফাই কৰ্মীয়ে পোহপাল দিছে নিজৰ পৰিয়াল।

এই আবাসিক এলেকাৰ আবাসীসকলৰ ঘৰত কাম কৰিয়ে শতাধিক মহিলা চাফাই কৰ্মীয়ে পোহপাল দিছে নিজৰ পৰিয়াল।

  • Share this:
দেশত চলি থকা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ মাজতে  নাজিৰাত ONGC কৰ্তৃপক্ষই আবাসিক এলেকাত প্ৰবেশ নিষিদ্ধ কৰিছে চাফাই কৰ্মীৰ। মহিলা চাফাই কৰ্মীসকলক নাজিৰা অ'এনজিচি কলনীত প্ৰৱেশৰ বাধা দিছে অ'এনজিচিৰ কাৰ্যবাহী সঞ্চালকে। নাজিৰাৰ ONGC আবাসিক এলেকাৰ ভিতৰত থকা বাসগৃহত থাকে অ'এনজিচিৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ, বিষয়াসকলৰ লগতে আন আন কৰ্মচাৰীসকল।

এই আবাসিক এলেকাৰ আবাসীসকলৰ ঘৰত কাম কৰিয়ে শতাধিক মহিলা চাফাই কৰ্মীয়ে পোহপাল দিছে নিজৰ পৰিয়াল। কিন্তু কোৰোণা ভাইৰাছৰ মহামাৰীৰ পৰা দেশবাসীক বচাবলৈ অব্যাহত থকা লকডাউনৰ বাবে এইসকল মহিলা চাফাই কৰ্মীক ONGC আবাসিক এলেকাত প্ৰৱেশত বাধা আৰোপ কৰাত এতিয়া বিপদত পৰিছে শ্ৰমিকসকল৷

ONGC কৰ্তৃপক্ষই এইসকল চাফাই কৰ্মী মহিলাক কামত বাধা আৰোপ কৰাৰ বাবে সামাজিক দূৰত্ব বৰ্তাই প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে৷ ONGC কৰ্তৃপক্ষৰ অনুজ্ঞাপত্ৰ থকা এইসকল মহিলা চাফাই কৰ্মীক পুনৰ আবাসিক এলেকাত প্ৰৱেশৰ কৰাৰ লগতে কাম কৰোৱাৰ দাবীত  অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ৷
First published: May 19, 2020, 10:42 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি