• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰতিবাদত স্তব্ধ অইল ইণ্ডিয়া লিমিটেডৰ কাম–কাজ, মটৰ ৱাৰ্কাৰ ইউনিয়নৰ প্ৰতিবাদ

প্ৰতিবাদত স্তব্ধ অইল ইণ্ডিয়া লিমিটেডৰ কাম–কাজ, মটৰ ৱাৰ্কাৰ ইউনিয়নৰ প্ৰতিবাদ

আজি পুৱাৰে পৰা শ্ৰমিকসকল ওলাই আহি অইল ইণ্ডিয়া লিমিটেডৰ সকলো ধৰণৰ কাৰ্যালয় বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।

  • Share this:
দুলীয়াজানত উত্তপ্ত পৰিস্থিতি। প্ৰতিবাদত স্তব্ধ হ’ল অইল ইণ্ডিয়া লিমিটেডৰ কাম–কাজ। উল্লেখযোগ্য যে অইলৰ মটৰ ৱাৰ্কাৰ ইউনিয়নে দীৰ্ঘদিনৰ পৰা ঠিকাভিত্তিক শ্ৰমিকসকলৰ জীৱনৰ সুৰক্ষা প্ৰদানৰ বাৰে অইল কৰ্তৃপক্ষক বাৰম্বাৰ দাবী জনাই আহিছে যদিও আজিকোপতি কৰ্মচাৰী সকলে কোনো ধৰণৰ ইতিবাচক সঁহাৰি নোপোৱাৰ পৰিপেক্ষিতত আজি পুৱাৰে পৰা শ্ৰমিকসকল ওলাই আহি অইল ইণ্ডিয়া লিমিটেডৰ সকলো ধৰণৰ কাৰ্যালয় বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।

প্ৰতিবাদৰ ফলত অইল ইণ্ডিয়া লিমিটেডৰ সকলো ধৰণৰ কাম–কাজ অচল হৈ পৰিছে। যিকোনো সময়ত ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ সম্ভৱনা প্ৰকট হোৱাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী, অইলৰ ঔদ্যোগিক সুৰক্ষা বাহিনী মোতায়েন কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি