কোভিড–১৯ৰ বাবে সমগ্ৰ দেশতে চলি আছে লকডাউন৷ চৰকাৰে এইবাৰৰ লকডাউনত কিছু শিথিলতা দিছে যদিও বান্ধি দিছে কেইবাটাও নীতি–নিৰ্দেশনা৷ সমাজিক ব্যৱধান মানি চলিবলৈ বাৰে বাৰে চৰকাৰ–প্ৰশাসনে সকলোকে আহ্বান জনাইছে। কিন্তু মেঘালয়ৰ ইষ্ট জয়ন্তীয়া হিলছৰ জোৱাইত দেখা গ’ল এক বিপৰীত দৃশ্য৷ বহিঃৰাজ্যৰ পৰা মেঘালয়ৰ বিশেষকৈ ইষ্ট জয়ন্তীয়া হিলছৰ চিমেণ্ট ফেক্টৰীলৈ কয়লা পৰিবহণ কৰাৰ বাবে ৰাজ্য চৰকাৰে দিয়া অনুমতিৰ প্ৰতিবাদত ৰাজপথলৈ এনেদৰে বিপদজ্জনকভাৱে ওলাই আহিল কেইবাটাও দল–সংগঠন৷
মন কৰিবলগীয়া যে ক’লা হীৰাৰ ধনী ইষ্ট জয়ন্তীয়া হিলছত ২০১৪ৰ এপ্ৰিল মাহত ৰাষ্ট্ৰীয় সেউজ প্ৰধিকৰণে (NGT) Rat-Hole coal mining বন্ধ কৰিছিল৷ তাৰ পিছতে সেই অঞ্চলৰ পৰা কয়লা পৰিবহণত প্ৰতিবন্ধকতা আনিছিল উচ্চতম ন্যায়ালয়ে৷ প্ৰায় ৩২ লাখ টন খনন কৰা কয়লা এতিয়াও তাত আছে যিসমূহৰ নিলামৰ বাবে উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পিছতো ৰাজ্য চৰকাৰে ব্যৱস্থা কৰা নাই৷ তাৰ পৰিৱৰ্তে মেঘালয় চৰকাৰে ৬ মে’ত অসম তথা আন ৰাজ্যৰ পৰা কয়লা মেঘালয়লৈ পৰিবহণ কৰাৰ অনুমতি প্ৰদান কৰিছিল৷ ইয়াৰ পিছতে East Jaintia Hills District Association, Jaintia Coal Miner Dealer Association, East Jaintia Coal Supplier Association, Jaintia Amalgamated Redressal Forum, Meghalaya People Labour Union Jaintia HIils District Committee, Jaintia Students Movement, East Jaintia National Council, Hynniewtrep National Youth Front East Jaintia Zone, Khasi Students Union East Jalntia Hills District and the Synjuk Waheh Shnong East Jaintia Hills Districtৰ দলে মেঘালয় চৰকাৰক চাৰি দিনৰ সময় সীমা বান্ধি দিয়ে দাবী পূৰণ কৰিবলৈ৷
যদি ৰাজ্য চৰকাৰে দাবী নামানে তেন্তে লকডাউন উলংঘা কৰাৰ ভাবুকি দিয়ে৷ চৰকাৰৰ লগত আলোচনাৰ পূৰ্বে এনেদৰে ৰাজপথলৈ সংগঠনৰ সদস্যসকল ওলাই আহিল বিপদসংকুলভাৱে৷ যদি চৰকাৰে অহা ৪ দিনত দাবী মানি নলয় তেন্তে সাধাৰণ ৰাইজে জিলাখনত লক ডাউন উলংঘা কৰাৰ হুংকাৰ দিয়ে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|