‘DIVIDE ASSAM 50-50’ – পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত উত্তাল কোকৰাঝাৰ

News18-Assam
Updated:November 25, 2019, 10:24 AM IST
‘DIVIDE ASSAM 50-50’ – পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত উত্তাল কোকৰাঝাৰ
কোকৰাঝাৰৰ দক্ষিণ খাৰগাঁৱৰ নৱনিৰ্মিত উৰণীয়া সেতুৰ কাষত এবছু, এনডিএফবি(প্ৰ) আৰু পিজেএচিবিএমৰ যৌথ উদ্যোগত পৃথক বড়োলেণ্ড গঠনৰ দাবীত অনুষ্ঠিত হোৱা বিশাল জন সমাৱেশত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ লোকে।

  • News18 Assam
  • Last Updated: November 25, 2019, 10:24 AM IST
  • Share this:
পৃথক বড়ো ৰাজ্য গঠন, প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ নিশ্চিত কৰা আৰু কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰা বড়োসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ দাবীত কেইবা সহস্ৰাধিক লোকে আজি বিভিন্ন শ্লোগানেৰে কোকৰাঝাৰৰ পৰিৱেশ উত্তাল কৰি তোলে।

কোকৰাঝাৰৰ দক্ষিণ খাৰগাঁৱৰ নৱনিৰ্মিত উৰণীয়া সেতুৰ কাষত এবছু, এনডিএফবি(প্ৰ) আৰু পিজেএচিবিএমৰ যৌথ উদ্যোগত পৃথক বড়োলেণ্ড গঠনৰ দাবীত অনুষ্ঠিত হোৱা বিশাল জন সমাৱেশত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ লোকে।

বিটিএডিৰ চাৰিওখন জিলাৰ পৰা অহা কেইবা সহস্ৰাধিক লোকে জনসমাৱেশত অংশগ্ৰহণ কৰি পৃথক বড়োলেণ্ডৰ দাবীত সৰৱ হৈ পৰে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি