মুখ্যপৃষ্ঠা »খবৰ »অসম »যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি কৰিমগঞ্জত উত্তাল প্ৰতিবাদ

যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি কৰিমগঞ্জত উত্তাল প্ৰতিবাদ

আৰক্ষীৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰি আজি মহিলা সংগঠনসহ কেইবাটাও সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ।

আৰক্ষীৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰি আজি মহিলা সংগঠনসহ কেইবাটাও সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ।

আৰক্ষীৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰি আজি মহিলা সংগঠনসহ কেইবাটাও সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ।

  • Share this:
এগৰাকী ১৭ যুৱতীৰ কিশোৰীৰ মৃত্যুৰ ৰহস্যক লৈ আৰক্ষীৰ বিৰুদ্ধে কৰিমগঞ্জত উত্তাল প্ৰতিবাদ বিভিন্ন সংগঠনৰ। আৰক্ষীৰ ভূমিকাক লৈ ক্ষোভ মহিলা সংগঠনসমূহৰ। অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত জিলা উপায়ুক্তক অভিযোগনামা দাখিল মৃত যুৱতীৰ পৰিয়ালৰ লগতে প্ৰতিবাদকাৰী সংগঠনৰ।

১০ দিন পূৰ্বে কৰিমগঞ্জ চহৰ সংলগ্ন আম্বৰখানা গাঁৱৰ পৰা এগৰাকী ১৭ বছৰীয়া যুৱতীৰ  নিৰুদ্দেশ হৈছিল। চাৰিদিন পূৰ্বে লংগাই নৈত সম্পূৰ্ণ উলংগ অৱস্থাত মৃতদেহ উদ্ধাৰ হয় যুৱতীৰগৰাকীৰ। মৃতদেহৰ দেহত স্পষ্ট আছিল আঘাতৰ চিন। মহিলা সংগঠনৰ সদস্যই এয়া ধৰ্ষণ কাণ্ড বুলি অভিযোগ কৰিছিল।

আনহাতে, যুৱতীৰগৰাকী নিৰুদ্দেশ হোৱাৰ পিছদিনাই লংগাই আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে। নিৰুদ্দেশৰ চাৰিদিন পিছত শ্যামল দেৱনাথ নামৰ যুৱকজনক অভিযুক্ত বুলি দাবী কৰি আন এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু আৰক্ষীয়ে যুৱকজনক থানালৈ মাতি আনি সোধা–পোছা কৰি এৰি দিয়ে।

আৰক্ষীৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰি আজি মহিলা সংগঠনসহ কেইবাটাও সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ। নিহত যুৱতীৰগৰাকীৰ পিতৃ–মাতৃয়ে বিষয়টোত জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰি অভিযোগ দাখিল কৰে।

পৰিয়ালৰ মতে, শ্যামল দেৱনাথ নামৰ যুৱকজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল যুৱতীৰগৰাকীৰ। ঘটনাৰ এদিন পূৰ্বেও শ্যামলে বিয়াৰ কথা কৈছিল। কিন্তু যুৱতীৰগৰাকীৰ পিতৃ–মাতৃয়ে কিছুদিন পিছত বিয়া পাতি দিব বুলি জনাইছিল। তাৰ পিছদিনা নিৰুদ্দেশ হৈছিল যুৱতীৰগৰাকী। সেয়েহে পৰিয়ালৰ অভিযোগ এই ঘটনাৰ বাবে দায়ী যুৱকজন। পৰিয়ালে অভিযোগ কৰে যে যুৱতীৰগৰাকী নিৰুদ্দেশ হোৱাৰ পিছৰ পৰাই আৰক্ষীৰ ভূমিকা আছিল ৰহস্যজনক। সেয়ে ন্যায় বিচাৰি জিলা উপায়ুক্তক অভিযোগনামা দাখিল কৰে পৰিয়ালে।

শেহতীয়া বাতৰি