• Home
  • »
  • News
  • »
  • assam
  • »
  • 'অগ্নিপথ'ক লৈ প্ৰতিবাদ, সেনা বাহিনীত পূৰ্বৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰাক লৈ যোৰহাটত ক্ষুব্ধ প্ৰাৰ্থীৰ ব্যাপক প্ৰতিবাদ

'অগ্নিপথ'ক লৈ প্ৰতিবাদ, সেনা বাহিনীত পূৰ্বৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰাক লৈ যোৰহাটত ক্ষুব্ধ প্ৰাৰ্থীৰ ব্যাপক প্ৰতিবাদ

যুৱকসকলে ২০২১ বৰ্ষৰ মৰিয়নীত অনুষ্ঠিত সেনা বাহিনীৰ নিযুক্তি ৰেলিৰ চূড়ান্ত বাচনি প্ৰক্ৰিয়া বহুবাৰ পিছুৱাই নিয়াৰ পিছত শেহতীয়াকৈ বাতিল কৰা বুলি ঘোষণা কৰা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

যুৱকসকলে ২০২১ বৰ্ষৰ মৰিয়নীত অনুষ্ঠিত সেনা বাহিনীৰ নিযুক্তি ৰেলিৰ চূড়ান্ত বাচনি প্ৰক্ৰিয়া বহুবাৰ পিছুৱাই নিয়াৰ পিছত শেহতীয়াকৈ বাতিল কৰা বুলি ঘোষণা কৰা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

যুৱকসকলে ২০২১ বৰ্ষৰ মৰিয়নীত অনুষ্ঠিত সেনা বাহিনীৰ নিযুক্তি ৰেলিৰ চূড়ান্ত বাচনি প্ৰক্ৰিয়া বহুবাৰ পিছুৱাই নিয়াৰ পিছত শেহতীয়াকৈ বাতিল কৰা বুলি ঘোষণা কৰা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

  • Share this:
কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ  সেনা বাহিনীত মকৰলৰ বাবে প্ৰৱৰ্তন কৰিবলৈ লোৱা অগ্নিপথ আঁচনিৰ তীব্ৰ বিৰোধিতা কৰিছে বহু প্ৰাৰ্থীয়ে। যোৰহাটত শুকুৰবাৰে সেনা বাহিনীৰ চাকৰিৰ বাবে বাচনি পৰীক্ষাত অৱতীৰ্ণ হৈ অহা বহু প্ৰাৰ্থীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী একাংশ প্ৰাৰ্থীয়ে ২০২১ বৰ্ষত সেনা বাহিনীত নিযুক্তিৰ বাবে যোগ্যতা অৰ্জন কৰাৰ পিছতো এতিয়া কিয় তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা হল তাক লৈ প্ৰশ্ন তুলিছে।

কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া এক সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ দেশৰ বহু ঠাইৰ দৰে জাঙুৰ খাই উঠিছে অসমৰো যুৱ সমাজ। অগ্নিপথ আঁচনিৰ জৰিয়তে কেৱল চাৰি বছৰৰ বাবে সেনা বাহিনীত নিযুক্তিৰ সুবিধা আগবঢ়োৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে যুৱসমাজে। শুকুৰবাৰে যোৰহাটতো ইতিপূৰ্বে সেনা বাহিনীৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা বহু যুৱকে কেন্দ্ৰীয় চৰকাৰৰ এই নতুন নিযুক্তি আঁচনিৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদকাৰী যুৱকসকলক নিয়ন্ত্ৰণ কৰিবলৈ বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হয়। অৱশ্যে নেৰানেপেৰা বৰষুণৰ বাবে প্ৰতিবাদী কাৰ্যসূচীয়ে ব্যাপক ৰূপ ল’ব নোৱাৰিলে।

প্ৰতিবাদকাৰী যুৱকসকলে ২০২১ বৰ্ষৰ মৰিয়নীত অনুষ্ঠিত সেনা বাহিনীৰ নিযুক্তি ৰেলিৰ চূড়ান্ত বাচনি প্ৰক্ৰিয়া বহুবাৰ পিছুৱাই নিয়াৰ পিছত শেহতীয়াকৈ বাতিল কৰা বুলি ঘোষণা কৰা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইতিপূৰ্বে এই ৰেলিত অৱতীৰ্ণ হৈ একাংশ যুৱক শাৰীৰিক পৰীক্ষা আৰু স্বাস্থ্য পৰীক্ষাত উত্তীৰ্ণ হৈ মূল নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল। কিন্তু হঠাৎ চৰকাৰে অগ্নিপথ আঁচনি প্ৰৱৰ্তন কৰাৰ পিছত এই নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰাত যুৱকসকল ক্ষোভিত হৈ পৰিছে। ভাৰতীয় সেনা বাহিনীত যোগদান কৰিবলৈ আগ্ৰহী এই যুৱকসকলৰ অধিকাংশই কৃষক পৰিয়ালৰ আৰু আৰ্থিকভাৱে পিছপৰা বুলি জানিবলৈ দিয়ে। কিন্তু চৰকাৰে কেৱল এই নিযুক্তি প্ৰক্ৰিয়াতহে কিয় চাৰিবছৰীয়া চাকৰিৰ ম্যাদ নিৰ্ধাৰণ কৰিছে তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰতিবাদী যুৱকসকলে।

"বিভিন্ন কাৰণত কেইবাবাৰো পিছুওৱাৰ পিছত ২০২১ বৰ্ষত মৰিয়নীত হোৱা নিযুক্তি ৰেলিত বহু কষ্ট কৰি আমি যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছিলো। দুশজনৰ মাজৰ পৰা মাত্ৰ আঠজনক নিৰ্বাচন কৰা হৈছিল। পিছত আমাৰ ভেৰিফিকেশ্যনৰ সময়ত জানিব পাৰিছিলো যে সেনা বাহিনীত নিযুক্তিৰ বাবে ১২১ গৰাকী প্ৰাৰ্থীক প্ৰভিজনেলি ছিলেক্ট কৰা হৈছে। কিন্তু এতিয়া হঠাৎ এই নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰা হৈছে বুলি ঘোষণা কৰিলে আমি ইয়াৰ প্ৰতিবাদ নকৰিম কিয়! আমাক ইয়াৰ উত্তৰ লাগে।", এগৰাকী প্ৰাৰ্থীয়ে এনেদৰে ক্ষোভ প্ৰকাশ কৰে।

দীৰ্ঘদিন ধৰি ভাৰতীয় সেনা বাহিনী বা অসম আৰক্ষীত যোগদানৰ হেঁপাহ পুহি ৰাখি ইয়াৰ বাবে চেষ্টাৰ ত্ৰুটী নকৰা এই যুৱকসকলৰ যেন আজি স্বপ্ন ভঙ্গ হৈছে। কাৰণ গ্ৰামাঞ্চলৰ বহু যুৱকে বিগত কেইবছৰমানৰ পৰা দেশৰ নিৰাপত্তা বাহিনীসমূহৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবে কঠোৰ অনুশীলন চলাই আহিছে। ভৱিষ্যতে এই যুৱকসকলৰ মনত জমা হৈ থকা ক্ষোভৰ কেনেদৰে বহিঃপ্ৰকাশ ঘটে সেয়া লক্ষণীয় হ’ব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি