• Home
  • »
  • News
  • »
  • assam
  • »
  • হোজাইৰ চিকিৎসক আক্ৰমণৰ বৰ্বৰ ঘটনাই স্তম্ভিত কৰি তুলিছে সকলোকে, শীঘ্ৰে দোষীক শাস্তিৰ দাবীত যোৰহাটত প্ৰতিবাদ

হোজাইৰ চিকিৎসক আক্ৰমণৰ বৰ্বৰ ঘটনাই স্তম্ভিত কৰি তুলিছে সকলোকে, শীঘ্ৰে দোষীক শাস্তিৰ দাবীত যোৰহাটত প্ৰতিবাদ

হোজাইৰ উদালীত কৰ্তব্যৰত চিকিৎসকৰ ওপৰত একাংশ লোকে চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে যোৰহাটৰ চিকিৎসক সমাজৰ লগতে বিভিন্ন লোকক।

হোজাইৰ উদালীত কৰ্তব্যৰত চিকিৎসকৰ ওপৰত একাংশ লোকে চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে যোৰহাটৰ চিকিৎসক সমাজৰ লগতে বিভিন্ন লোকক।

হোজাইৰ উদালীত কৰ্তব্যৰত চিকিৎসকৰ ওপৰত একাংশ লোকে চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে যোৰহাটৰ চিকিৎসক সমাজৰ লগতে বিভিন্ন লোকক।

  • Share this:
দেশ কঁপোৱা যোৰহাটৰ টীয়কত সংঘটিত চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডৰ অভিযুক্তসকলৰ চূড়ান্ত ৰায় ঘোষণাৰ প্ৰায় চাৰে সাত মাহৰ পিছত পুনৰ অসমত সংঘটিত হ’ল অনুৰূপ ধৰণে চিকিৎসকক আক্ৰমণৰ ঘটনা। হোজাইৰ উদালীত কৰ্তব্যৰত চিকিৎসকৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাই সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিভিন্নজনে এই ঘটনাক গৰিহণা দি দোষীৰ দৃষ্টান্তমূলক শাস্তি দাবী কৰিছে। যোৰহাটত বুধবাৰে দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত চিকিৎসকসকল আৰু আছুৱে পৃথকে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰে।

হোজাইৰ উদালীত কৰ্তব্যৰত চিকিৎসকৰ ওপৰত একাংশ লোকে চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাই জোকাৰি গৈছে যোৰহাটৰ চিকিৎসক সমাজৰ লগতে বিভিন্ন লোকক। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত বুধবাৰে জেএমচি কনিষ্ঠ চিকিৎসক সন্থা, যোৰহাট চিকিৎসা মহাবিদ্যালয় শিক্ষক সন্থা , জেএমচিৰ কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকলকে মুখ্য কৰি চিকিৎসকসকলৰ সংগঠনসমূহে এই ঘটনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। জেএমচিত চিকিৎসকসকলে অ’পিডি সেৱা বন্ধ ৰাখি এই বৰ্বৰ ঘটনাৰে জড়িত লোকসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত  প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ লগতে চিকিৎসালয়সমূহত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলক উপযুক্ত নিৰাপত্তা প্ৰদানৰ দাবী জনাইছে চিকিৎসকসকলে। এনে ধৰণৰ ঘটনাই চিকিৎসকসকলৰ কাম কৰাৰ উদ্যম হ্ৰাস কৰে বুলি মত ব্যক্ত কৰে জেএমচিএছৰ কনিষ্ঠ চিকিৎসকসকলে। কোনো ধৰ্ণা, প্ৰতিবাদ নহয়, চিকিৎসকসকলক বুজি পোৱা এখন সুস্থ সমাজৰ দ্বাৰাহে এনে ধৰণৰ ঘটনাসমূহ ৰোধ কৰিব পৰা যাব বুলি মত ব্যক্ত কৰে চিকিৎসকসকলে।

এই বৰ্বৰ আক্ৰমণৰ ঘটনাৰে জড়িত লোকসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত বুধবাৰে যোৰহাটত আছুৱেও প্ৰতিবাদ সাব্যস্ত কৰে। যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যোৰহাট জিলা ছাত্ৰ সন্থাৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰি এই ঘটনাৰে জড়িত লোকসকলক উচিত শাস্তি প্ৰদানৰ লগতে চিকিৎসালয়সমূহত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলক উপযুক্ত নিৰাপত্তা প্ৰদানৰ দাবী জনায়। আৰক্ষীয়ে নিশাৰ ভিতৰতে ২৪ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা ঘটনাৰ শলাগ লৈ আছুৱে এইসকল লোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়।

যোৰহাটৰ টীয়কত চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডৰ সৈতে জড়িত লোকসকলক আদালতে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ কেইমাহমান পিছতে পুনৰ এনে ধৰণৰ ঘটনা সংঘটিত হোৱটোৱে সকলোকে ভবাই তুলিছে। উল্লেখ্য, সেই ঘটনাৰ ১৩ মাহৰ পিছতে আদালতে গোচৰৰ চূড়ান্ত ৰায়দান কৰিছিল। যোৰহাট আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ ২২ দিনৰ পিছতে চাৰ্জশ্বিট দাখিল কৰিছিল। আদালতে চিকিৎসক দেবেন দত্তক বৰ্বৰভাৱে মাৰপিট কৰি হত্যা কৰাৰ অভিযোগত মুঠ ২৫জন অভিযুক্তক দোষী সাব্যস্ত কৰিছিল আৰু ইয়াৰে ২৪জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড আৰু এগৰাকী অভিযুক্তক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছিল।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি