চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ সমীপৱৰ্তী এ পি জে টি কোম্পানীৰ জবকা চাহ বাগিচাত সম্প্ৰতি এক অচলাৱস্থাই দেখা দিছে। চিংল টি কোম্পানীৰ এই শতিকা গৰকা চাহ বাগিচাখনৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। পূৰ্বতে কোনো দিনে নোহোৱা এই চাহ বাগিচাখনৰ মালিকে এতিয়া কৰ্মচাৰীক দৰমহা দিবলৈও হাতত ধন নোহোৱা অৱস্থা হৈছে।প্ৰাপ্য দৰমহা সময়মতে নোপোৱাত আজি চাহ বাগিচাখনৰ কাৰ্যালয়ত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়।
উল্লেখযোগ্য যে ইতিমধ্যে এ পি জে টি কোম্পানৰীৰ স্বত্বাধিকাৰী কৰণ পলে চাহ বাগিচাখনৰ বিক্ৰী বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰাৰ পিছতে চাহ বাগিচাখনৰ শ্ৰমিকসকলক লৈ হেতালি খেলিবলৈ আৰম্ভ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা শ্ৰমিকসকলৰ পষেকীয়া আৰু মাহেকীয়া দৰমহা লৈ চিন্তিত হ’বলগীয়া পৰিস্থিত সৃষ্টি হয়। কৰ্মচাৰীক পষেকীয়া আৰু মাহেকীয়া দৰমহা দিয়াক লৈ হোহকা–পিছলা কৰি থকাৰ লগতে চাহ কৰ্তৃপক্ষই আজিও কৰ্মচাৰীসকলৰ অনাদায় হৈ থকা ঘৰ ভাড়া, খৰি, চুটি পইছাকে ধৰি দুৰ্গা পূজাৰ বাকী বোনাছ দিবলৈ সমৰ্থন হোৱা নাই বুলি জানিব পৰা গৈছে।
লগতে বহু কৰ্মচাৰীৰ অৱসৰ গ্ৰহণ কৰাৰ পিছত প্ৰাপ্য ধন পোৱাক লৈও এতিয়া অনিশ্চয়তাই দেখা দিছে। আনহতে দুৰ্গা পূজাৰ মুঠ ২০ শতাংশৰ ১৩ শতাংশ দুৰ্গা পূজাত দিয়াৰ পিছত বাকী ৰৈ যোৱা ৭ শতাংশ বোনাছক লৈও এতিয়া মালিক পক্ষই অপৰাগতা প্ৰকাশ কৰিছে বুলি জানিব পৰা গৈছে। ইয়াকে লৈ বাগিচাখনৰ কৰ্মচাৰীসকল অধিক শংকিত হৈ পৰিছে।
আজি প্ৰাপ্য ধন আৰু ফাকুৱাৰ ছুটি বিচাৰি পুৱা ৯ বজাতে শ্ৰমিকসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি পৰিচালকৰ কাৰ্যালয় ঘেৰাও কৰে। অনতি পলমে শ্ৰমিকসকলৰ নিয়মীয়া পাৰিতোষিক আৰু উৎসৱৰ ছুটি সময়মতে দিবলৈ লগতে পাবলগীয়া ধনসমূহ মোকলাই দিবলৈ দাবী জনায়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|