হোজাইৰ উদলিৰ কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসকক প্ৰহাৰ কৰাই কাণ্ডই জোকাৰি গৈছে ৰাজ্য। চিকিৎসক সেউজ কুমাৰ সেনাপতিক কৰ্তব্যৰত অৱস্থাত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহণা দিছে সকলোৱে। এই ঘটনাক লৈ আজি ৰাজ্যজুৰি চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰে।
জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষক সন্থা, ছাত্ৰ–ছাত্ৰীসকলেও ক’লা বেজ পৰিধান কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। লগতে জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ সকলো ধৰণৰ বহিঃ বিভাগৰ চিকিৎসা বৰ্জন কৰে। মহাবিদ্যালয়খনৰ অসম আয়ুৰ্বেদিক চিকিৎসা সেৱা সন্থাই এই ঘটনা তীব্ৰ গৰিহণা দিয়াৰ লগতে দুষ্কৃতিকাৰীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় অসম চৰকাৰক।
আনহাতে হোজাইৰ উদালিৰ কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসকক প্ৰহাৰ কৰাই কাণ্ডক চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰমা কান্ত শৰ্মাই তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দুষ্কৃতিকাৰীক উচিত শাস্তি প্ৰদানৰ দাবী জনায়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|