• Home
  • »
  • News
  • »
  • assam
  • »
  • বাংলাদেশত হিন্দুৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত হোজাইত বিশাল প্ৰতিবাদী সমদল

বাংলাদেশত হিন্দুৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত হোজাইত বিশাল প্ৰতিবাদী সমদল

বাংলাদেশত হিন্দুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

বাংলাদেশত হিন্দুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

বাংলাদেশত হিন্দুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

  • Share this:
হোজাইত বাংলাদেশৰ ঘটনাক লৈ অব্যাহত আছে প্ৰতিবাদ। আজি বজৰংগ দল আৰু বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত ৰূপায়ণ কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী। পুৱা প্ৰায় ১১ বজাত শান্তিবনৰ পৰা চহৰৰ মাজেৰে বাহিৰ কৰা বিশাল প্ৰতিবাদী সমদলত প্ৰায় সহস্ৰাধিক লোকৰ উপৰি প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ, বিশ্ব হিন্দু পৰিষদৰ সভাপতি, সম্পাদক, উপ সভাপতি, বিজেপিৰ প্ৰাক্তন জিলা সভাপতি অৰ্জুন মজুমদাৰ, সভাপতি অনুপ দেৱ আদিয়েও অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰীসকলে সমদলৰ সময়ত বাংলাদেশবিৰোধী শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলাৰ পিছত সেই সমদল পৰৱৰ্তী সময়ত থানাত উপস্থিত হৈ বাংলাদেশত হিন্দুসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
Published by:Sanjay Kumar Das
First published: