হাজোত প্ৰধানমন্ত্ৰী আবাস যোজনাত কেলেংকাৰী! ক্ষুব্ধ হিতাধিকাৰীয়ে পঞ্চায়ত কাৰ্যালয়ত লগালে তলা

News18 Assam | News18-Assam
Updated:August 27, 2020, 4:19 PM IST
হাজোত প্ৰধানমন্ত্ৰী আবাস যোজনাত কেলেংকাৰী! ক্ষুব্ধ হিতাধিকাৰীয়ে পঞ্চায়ত কাৰ্যালয়ত লগালে তলা
বৃহস্পতিবাৰে শ্বহীদ সত্যনাথ পঞ্চায়ত কাৰ্যালয়ত দৰিদ্ৰ হিতাধিকাৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ।

বৃহস্পতিবাৰে শ্বহীদ সত্যনাথ পঞ্চায়ত কাৰ্যালয়ত দৰিদ্ৰ হিতাধিকাৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ।

  • Share this:
মুখ্যমন্ত্ৰীৰ শূন্য সহনশীলতাৰ শ্লোগান এতিয়া ধোঁৱাচাঙত। সমষ্টিয়ে সমষ্টিয়ে এতিয়া প্ৰধানমন্ত্ৰী আবাস যোজনা গৃহ আবণ্টনত ব্যাপক ধনৰ লেনদেনৰ অভিযোগ। হাজো সমষ্টিত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহৰ উৎকোচৰ পৰিমাণ ২০ হাজাৰ টকা। টকা নিদিলে দৰিদ্ৰ হিতাধিকাৰীয়ে নাপায় PMAY গৃহ। হাজোৰ শ্বহীদ সত্যনাথ গাঁও পঞ্চায়তত সভানেত্ৰী মাধবী ডেকা আৰু সচিব কৰিম আলিৰ এতিয়া চলিছে লুণ্ঠণৰাজ। ক্ষুব্ধ হিতাধিকাৰীয়ে তলা লগাই দিলে পঞ্চায়ত কাৰ্যালয়ত।

বৃহস্পতিবাৰে শ্বহীদ সত্যনাথ পঞ্চায়ত কাৰ্যালয়ত দৰিদ্ৰ হিতাধিকাৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ। এইবাৰ শ্বহীদ সত্যনাথ পঞ্চায়তত ১৩২০টা গৃহ অবণ্টন হৈছে যদিও অধিকাংশ হিতাধিকাৰীয়ে হৈছে ধনী শ্ৰেণীৰ। দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক বঞ্চিত কৰি ধনৰ বিনিময়ত গৃহ আবণ্টনৰ অভিযোগ হাজোত। সভানেত্ৰী মাধবী দাস আৰু সচিব কৰিম আলীয়ে এই সুযোগতে কেইবালাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
Published by: Sanjay Kumar Das
First published: August 27, 2020, 4:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading