உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Hailakandi : জবকাৰ্ড ভেৰিফিকেচনৰ নথিপত্ৰ জ্বলাই দিয়াৰ অভিযোগত হাইলাকান্দিত উত্তাল প্ৰতিবাদ

    Hailakandi : জবকাৰ্ড ভেৰিফিকেচনৰ নথিপত্ৰ জ্বলাই দিয়াৰ অভিযোগত হাইলাকান্দিত উত্তাল প্ৰতিবাদ

    কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি উচিত তদন্ত কৰাৰ দাবী

    কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি উচিত তদন্ত কৰাৰ দাবী

    কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি উচিত তদন্ত কৰাৰ দাবী

    • Share this:
    ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ভুৱা জব কাৰ্ড চিহ্নিত কৰাৰ বাবে ৰাজ্যৰ প্ৰতিটো জিলাৰ উন্নয়ন খণ্ডলৈ নিৰ্দেশ জাৰি কৰিছে । আৰু এই নিৰ্দেশ অনুসৰি উন্নয়ন খণ্ড (development blocks)ৰ বিষয়াসকলে জব কাৰ্ড ভেৰিফিকেশনৰ বাবে হিতাধিকাৰীৰ পৰা নথিপত্ৰ জমা লোৱা আৰম্ভ কৰিছে । ৰাজ্যৰ আন ঠাইৰ সমান্তৰাল হাইলাকান্দি উন্নয়ন খণ্ডৰ অধীনত টেমপুৰ পাইকান গাঁও পঞ্চায়ত কাৰ্যালয়ত চাৰি হাজাৰ জব কাৰ্ড  হিতাধিকাৰী ভেৰিফিকেশনৰ (Job card verification) বাবে  প্ৰায় ২ মাহ আগতে নথিপত্ৰ জমা লৈছিল কৰ্মৰত কৰ্মচাৰীসকলে।

    কিন্তু দুমাহত চাৰিহাজাৰ জব কাৰ্ডৰ ভিতৰত মাত্ৰ দুহাজাৰ জব কাৰ্ড ভেৰিফিকেশন হৈছে আৰু বাকী জব কাৰ্ডৰ নথিপত্ৰসমূহ কম্পিউটাৰ এছিছটেন্ট অন্তু ভট্টচাৰ্য আৰু জি আৰ এছ সাবিৰ আহমদ চোধুৰীয়ে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন কৰিছে টেমপুৰ পাইকান গাঁও পঞ্চায়তৰ সভাপতি ৰাজেশ দাস আৰু স্থানীয় ৰাইজে।

    আজি হাইলাকান্দি (Hailakandi) টেমপুৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত ( Office of Panchayat) বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে কম্পিউটাৰ এছিছটেন্ট অন্তু ভট্টচাৰ্য আৰু জি আৰ এস সাবিৰ আহমেদ চৌধুৰীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ (Protest) সাব্যস্ত কৰে। এই ঘটনা সন্দৰ্ভত হাইলাকান্দি সদৰ থানাত গাঁও পঞ্চায়ত সভাপতি ৰাজেশ দাসে জি আৰ এস সাবিৰ আহমেদ চৌধুৰী আৰু কম্পিউটাৰ এছিছটেন্ট অন্তু ভট্টচাৰ্যৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে। অতি সোনকালে এই দুইগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰি উচিত তদন্ত কৰাৰ দাবী জনাইছে বিভিন্ন দল-সংগঠন তথা স্থানীয় ৰাইজে।
    Published by:Gautam Barman
    First published: