নিৰ্বাচনক লৈ উত্তাল ডিব্ৰুগড় বিশ্ববিদ্যালয়, নিশা প্ৰশাসনিক ভৱন ঘেৰাও শ শ শিক্ষাৰ্থীৰ

বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী আয়োগৰ ভূমিকাত কোনো অজ্ঞাত শক্তি তথা ৰাজনৈতিক শক্তিৰ প্ৰৰোচনা থকাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰীসকলে।

News18-Assam
Updated:September 26, 2019, 11:10 AM IST
নিৰ্বাচনক লৈ উত্তাল ডিব্ৰুগড় বিশ্ববিদ্যালয়, নিশা প্ৰশাসনিক ভৱন ঘেৰাও শ শ শিক্ষাৰ্থীৰ
বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী আয়োগৰ ভূমিকাত কোনো অজ্ঞাত শক্তি তথা ৰাজনৈতিক শক্তিৰ প্ৰৰোচনা থকাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰীসকলে।
News18-Assam
Updated: September 26, 2019, 11:10 AM IST
ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ক্ষোভৰ জুই। নিশা শ শ ছাত্ৰ–ছাত্ৰীয়ে ঘেৰাও কৰিলে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱন। বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী আয়োগৰ ভূমিকাত অসন্তুষ্ট হৈ প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে।

৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগা নিৰ্বাচন উপলক্ষে বুধবাৰে আছিল মনোনয়ন পৰীক্ষাৰ দিন। মনোনয়ন পৰীক্ষাৰ পিছত বাতিল হৈছিল সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী এজনৰ মনোনয়ন পত্ৰ। বিশ্ববিদ্যালয়ৰ নিৰ্বাচন সমিতিয়ে সাধাৰণ সম্পাদক পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে আছু সমৰ্থিত শ্যাম সুন্দৰ ভূঞা আৰু সাংস্কৃতিক সম্পাদিকা পদক কৃষ্ণামণি শইকীয়াক জয়ী ঘোষণা কৰিছিল‌।

কিন্তু পিছত পুনৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৰহস্যজনকভাৱে এক জাননীযোগে এই ঘোষণা প্ৰত্যাহাৰ কৰে। লগতে ৩০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ কথা ঘোষণাৰ পিছতো ৰহস্যজনক কাৰণত ঘোষণা নকৰাত অসন্তুষ্ট হৈ পৰে একাংশ ছাত্ৰ–ছাত্ৰী।

বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী আয়োগৰ ভূমিকাত কোনো অজ্ঞাত শক্তি তথা ৰাজনৈতিক শক্তিৰ প্ৰৰোচনা থকাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰী ছাত্ৰ–ছাত্ৰীসকলে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি