ডিব্ৰুগড়ত ‘কাঞ্চনজংঘা’ৰ দৰ্শনী বন্ধৰ চেষ্টা, বজৰংগ দলৰ সমৰ্থকে ঘেৰাও কৰিলে ছবিগৃহ

আৰক্ষীয়ে আটক কৰিছে কেইবাজনো প্ৰতিবাদকাৰীক।

News18-Assam
Updated:September 6, 2019, 10:16 AM IST
ডিব্ৰুগড়ত ‘কাঞ্চনজংঘা’ৰ দৰ্শনী বন্ধৰ চেষ্টা, বজৰংগ দলৰ সমৰ্থকে ঘেৰাও কৰিলে ছবিগৃহ
আৰক্ষীয়ে আটক কৰিছে কেইবাজনো প্ৰতিবাদকাৰীক।
News18-Assam
Updated: September 6, 2019, 10:16 AM IST
বজৰংগ দলৰ অসম বন্ধৰ সময়ত ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি। ডিব্ৰুগড়ৰ গেলেৰীয়া ছবিগৃহ ঘেৰাও বজৰংগ দলৰ প্ৰতিবাদকাৰীৰ। আজি মুক্তি লাভ কৰা জুবিন গাৰ্গৰ ‘কাঞ্চনজংঘা’ৰ দৰ্শনী বন্ধ কৰাৰ চেষ্টা বন্ধ সমৰ্থকৰ। আৰক্ষীয়ে আটক কৰিছে কেইবাজনো প্ৰতিবাদকাৰীক। আজি ৰাজ্যজুৰি মুক্তি লাভ কৰিছে জুবিনৰ ‘কাঞ্চনজংঘা’। আজি গেলেৰীয়া ছবিগৃহত আছে কাঞ্চনজংঘাৰ ৫টা দৰ্শনী।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ বজৰং দলে আজি আহ্বান জনাইছিল অসম বন্ধৰ। ডিব্ৰুগড়ৰ ঠায়ে ঠায়ে দেখা গৈছে বন্ধৰ প্ৰভাৱ। বিভিন্ন স্থানত বন্ধৰ সময়ছোৱাত যান–বাহনৰ চলাচলৰ লগতে দোকান–পোহাৰ বন্ধ হৈ পৰিছে। ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে বজৰংগ দলৰ সদস্যসকলে।

NRC বাতিল কৰি ৫১ চনক ভিত্তিবৰ্ষ হিচাপে লোৱা, সকলো হিন্দু লোকৰ নাগৰিকত্ব নিশ্চিত কৰা, শৰণাৰ্থী হিন্দুসকলৰ নাগৰিকত্ব সুনিশ্চিত কৰাৰ দাবীত পুৱাৰে পৰা ১২ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছিল বজৰংগ দলে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি