সান্ধ্য আইনৰ দোহাই দি নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ সামগ্ৰী কঢ়িওৱাৰ প্ৰতিবাদ কৰি তথা সামগ্ৰী কঢ়িওৱা ট্ৰাক গোগামুখত অৱৰোধ কৰি থকা অৱস্থাত দুই শতাধিকক আটক কৰাৰ পিছতে উত্তাল প্ৰতিবাদ।
সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সম্পাদক কল্যাণ গগৈ, যুৱছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক ৰঞ্জন বৰা, টি এম পি কে ৰ সভাপতি হৰিচন্দ্ৰ কামান, আটাছু ৰ তুলাৰাম গগৈ সহ দুই শতাধিক প্ৰতিবাদ কাৰীক আৰক্ষীয়ে আটক কৰাৰ প্ৰতিবাদত ধেমাজি জিলাৰ ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ আছুৰ ৷
উল্লেখ্য্য যে মঙলবাৰে দুপৰীয়াৰ ভাগত ধেমাজিৰ বিভিন্ন স্থানত আছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল। সান্ধ্য আইনৰ সুবিধা লৈ আৰু বলপূৰ্বকভাৱে NHPC এ গেৰুকামূখলৈ নিৰ্মাণ সামগ্ৰী কঢ়িয়াই নিয়াৰ প্ৰতিবাদত ধেমাজি নগৰত ধেমাজি জিলা ছাত্ৰ সন্থাই
মুখ্যমন্ত্রী আৰু NHPC কৰ্তৃপক্ষৰ প্ৰতিকৃতি দাহ কৰে ৷
ধেমাজি–লখিমপুৰ–মাজুলীৰ জনসাধাৰনৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মানৰ নামত সান্ধ্য আইনৰ অচিলা লৈ গোপনে কাম কাজ অব্যাহত ৰখাৰ বিৰুদ্ধে কঠোৰ প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদী সকলে ৷ আনহাতে NHPC ৰ সামগ্ৰী কঢ়িওৱা পৰিবহন সংস্থা সমূহকো সকীয়নি দিয়ে ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মাই ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|