বৰপেটাৰোডৰ দোমনীৰ বেঁকী নদীৰ চৰত দীৰ্ঘদিনৰ পৰা অবৈধভাৱে খনন কাৰ্য চলোৱাৰ ফলত অঞ্চলটোৰ হাজাৰ হাজাৰ বিঘা ভূমি বেঁকী নৈৰ বুকুত জাহ গৈছে৷ দোমনীস্থিত শিলবালিৰ কুৱেৰীৰ মহলদাৰ হিমাংশু দাসৰ নেতৃত্বত একাংশ শিল–বালিৰ ছিণ্ডিকেটৰ নায়কে বেঁকী নৈৰ চৰত অবৈধভাৱে খননকাৰ্য চলাই ৰমৰমীয়া ব্যৱসায় চলাই আছে যদিও বৰপেটাৰ বন বিভাগৰ ৰেঞ্জাৰ, খণ্ড বন বিষয়াসহ বনকৰ্মীসকলে চকু মুদা কুলিৰ ভাওত অৱতীৰ্ণ হৈছে৷
বন বিভাগৰ নাকৰ তলেৰে নিতৌ বেঁকী নৈৰ চৰৰ পৰা অবৈধভাৱে জে চি বি লগাই খননকাৰ্য চলাই ডাম্পাৰ-ট্ৰেক্টৰেৰে জিলাখনৰ ভিন্ন প্ৰান্তত বালি সৰবৰাহ কৰি অবৈধভাৱে ৰমৰমীয়া ব্যৱসায় চলাই আহিছে যদিও এইক্ষেত্ৰত বন বিভাগ নীৰৱ দৰ্শকৰ ভুমিকাত অৱতীৰ্ণ হৈছে৷
বেঁকীৰ চৰত খনন কাৰ্য চলোৱাত অঞ্চলটোৰ এক বিস্তীৰ্ণ অঞ্চল প্ৰতি বছৰে বেঁকী নৈৰ প্ৰৱল গৰাখহনীয়াত জাহ যায়৷ ফলত অঞ্চলটোৰ ৰাইজে বেঁকীৰ চৰত খননকাৰ্য বন্ধ কৰিবলৈ বাৰম্বাৰ বৰপেটাৰোডৰ বন বিভাগক দাবী জনাই আহিছে যদিও ৰাইজৰ এই দাবীক তিলমানো গুৰুত্ব নিদি মহলদাৰৰ লগত গোপন বুজা পৰা কৰি বন বিভাগৰ বিষয়া-বনকৰ্মীয়ে ছদ্মবেশী লোকৰ দ্বাৰা চৰৰ বালি কঢ়িওৱা প্ৰতিখন ডাম্পাৰ আৰু ট্ৰেক্টৰৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে৷
সেয়ে দোমনী অঞ্চলৰ সহস্ৰাধিক ৰাইজে একগোট হৈ বৃহস্পতিবাৰে বেঁকী নৈৰ চৰত অবৈধ খনন কাৰ্য বন্ধ কৰিবলৈ যায় যদিও শিল–বালিৰ কুৱেৰীৰ ছিণ্ডিকেটৰ লগত জড়িত একাংশ ধুৰন্ধৰ লোকে ৰাইজক বাধা প্ৰদান কৰে৷ ফলত দুয়ো পক্ষৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পাছত স্থানীয় ৰাইজে 'বন বিভাগ হায় হায়', 'বনমন্ত্ৰী হায় হায়', 'বন বিষয়া মুৰ্দাবাদ' আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ স্থানীয় ৰাইজে শীঘ্ৰেই বেঁকীৰ চৰত অবৈধ খননকাৰ্য বন্ধ কৰিবলৈ চৰকাৰ তথা বন বিভাগক দাবী জনাইছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|