உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘আমাক ভেকচিন লাগিবই’ – বৰপেটাৰোডত কোৰোণাৰ ভেকচিন নাপাই ৰাইজৰ প্ৰতিবাদ

    ‘আমাক ভেকচিন লাগিবই’ – বৰপেটাৰোডত কোৰোণাৰ ভেকচিন নাপাই ৰাইজৰ প্ৰতিবাদ

    অইনৰ ঘৰত কাম–বন কৰি কোনোমতে জীবন নিৰ্বাহ কৰা দৰিদ্ৰ জনতাই ভেকচিন নোলোৱাৰ বাবে অইনৰ ঘৰত বন কৰিব যাব পৰা নাই৷

    অইনৰ ঘৰত কাম–বন কৰি কোনোমতে জীবন নিৰ্বাহ কৰা দৰিদ্ৰ জনতাই ভেকচিন নোলোৱাৰ বাবে অইনৰ ঘৰত বন কৰিব যাব পৰা নাই৷

    অইনৰ ঘৰত কাম–বন কৰি কোনোমতে জীবন নিৰ্বাহ কৰা দৰিদ্ৰ জনতাই ভেকচিন নোলোৱাৰ বাবে অইনৰ ঘৰত বন কৰিব যাব পৰা নাই৷

    • Share this:
    বৰপেটাৰোডৰ কলহভাঙ্গাস্থিত ভেকচিন কেন্দ্ৰত কোৰোণাৰ ভেকচিন নাপাই সোমবাৰে বৰপেটাৰোডৰ চিকিৎসালয়ত প্ৰতিবাদ সাব্য কৰে বৰপেটাৰোডৰ একাংশ জনতাই৷ সময়মতে ভেকচিন নোপোৱাত বৰপেটাৰোড চহৰৰ একাংশ জনতাই ক্ষোভিত হৈ বৰপেটাৰোডৰ চিকিৎসালয় চৌহদত ধৰ্ণা দি ‘ভেকচিন আমাক লাগিবই’, ‘ভেকচিনৰ সংগ্ৰাম চলিছে চলিবই’ আদি শ্লোগান দি উত্তাল কৰি তোলে পৰিৱেশ৷

    অইনৰ ঘৰত কাম–বন কৰি কোনোমতে জীবন নিৰ্বাহ কৰা দৰিদ্ৰ জনতাই ভেকচিন নোলোৱাৰ বাবে অইনৰ ঘৰত বন কৰিব যাব পৰা নাই৷ বিগত ১৫ দিন ধৰি ভেকচিনৰ বাবে ঘূৰি সোমবাৰে ভেকচিন প্ৰদান কৰাৰ কথা আছিল। বৰপেটাৰোডৰ কলহভাঙ্গাস্থিত ভেকচিন কেন্দ্ৰটোত সোমবাৰে তিনিশ ভেকচিন  দিয়াৰ কথা ঘোষণা কৰিছিল৷ সেইমৰ্মে নিজৰ কেচুৱা কোলাত লৈ ভেকচিনৰ বাবে ভেকচিনৰ কুপন নম্বৰ হাতত লৈ নিশা তিনি বজাৰ পৰা শাৰী পাতিও অৱশেষত পুৱা ৯ বজাত কলহভাঙ্গা ভেকচিন কেন্দ্ৰৰ বাবে ভেকচিন নাই বুলি জনোৱাত ক্ষোভিত হৈ পৰে জনতা৷ তাৰ পাছত ক্ষোভিত জনতাই বৰপেটাৰোডৰ চিকিৎসালয়লৈ আহি চিকিৎসালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

    অন্যহাতে বৰপেটাৰোড খণ্ড প্ৰাথমিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ যোগানন্দ দাসক ক্ষোভিত জনতাই ভেকচিন কিয় দিয়া নহ’ল বুলি জানিব বিচৰাত চিকিৎসা বিষয়াগৰাকীয়ে বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ে জানে বুলি ক্ষোভিত জনতাক অৱগত কৰে৷

    ভেকচিনৰ বাবে জনতাই বৰপেটাৰোডৰ চিকিৎসালয় ঘেৰাও কৰাৰ সময়ত চিকিৎসা বিষয়া ডাঃ যোগানন্দ দাস চিকিৎসালয়ত উপস্থিত নাছিল৷ উল্লেখ্য যে পূৰ্বেও বৰপেটাৰোডৰ কলহভাঙ্গাস্থিত কেন্দ্ৰটোত ২৫০টা ভেকচিন দিব বুলি উল্লেখ কৰি মাত্ৰ ডেৰ শ ভেকচিন দিয়েই গুচি গৈছে বুলি অভিযোগ তুলিছে জনতাই। কোৰোণাৰ ভেকচিন ক’লা বজাৰত বিক্ৰী কৰা বুলিও অভিযোগ তুলিছে জনতাই৷
    Published by:Sanjay Kumar Das
    First published: