• Home
  • »
  • News
  • »
  • assam
  • »
  • Hailakandi : পথাৰ নহয় পথত ৰুলে ভূঁই, হাইলাকান্দিত পথ মেৰামতিৰ দাবীত ওলাই আহিল প্ৰতিবাদী ৰাইজ

Hailakandi : পথাৰ নহয় পথত ৰুলে ভূঁই, হাইলাকান্দিত পথ মেৰামতিৰ দাবীত ওলাই আহিল প্ৰতিবাদী ৰাইজ

হাইলাকান্দিত পথ সংস্কাৰৰ দাবীত ভুই ৰুই প্ৰতিবাদ ।

হাইলাকান্দিত পথ সংস্কাৰৰ দাবীত ভুই ৰুই প্ৰতিবাদ ।

হাইলাকান্দিত পথ সংস্কাৰৰ দাবীত ভুই ৰুই প্ৰতিবাদ ।

  • Share this:
হাইলাকান্দি জিলাৰ লালা চহৰৰ মুখ্য প্ৰৱেশ পথৰ দুৰৱস্থাই দীৰ্ঘদিনৰ পৰা জলাকলা খুৱাইছে স্থানীয় ৰাইজক ৷ ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে লালা চহৰক সংযোগ কৰা পথছোৱাৰ আজি প্ৰায় ১০ বছৰে পুনৰনিৰ্মাণ বা মেৰামতি নকৰিলে চৰকাৰে, যাৰ ফলত এতিয়া গোটেই পথৰ ওপৰতে সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত।

দীৰ্ঘ বছৰৰ পৰা পথছোৱাৰ উন্নয়ন নোহোৱাত দেওবাৰে প্ৰতিবাদত ওলাই আহে স্থানীয় ৰাইজ। পথৰ মাজত ভূঁই ৰুই বিধায়ক জাকিৰ হুছেইন মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিসহ আন স্থানীয় বহুকেইটা সংগঠন তথা স্থানীয় ৰাইজ এই প্ৰতিবাদত আগুৱাই আহে ( protest for demanding road repairs in Hailakandi)।

দেওবাৰে ৰাতিপুৱাৰ পৰাই পথৰ ওপৰত এলেকাৰ ৰাইজে ভূঁই ৰুই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় ৰাইজৰ অভিযোগ নিৰ্বাচনৰ সময় অহাৰ লগে লগে প্ৰতিশ্ৰুতিৰ বন্যা লৈ আহে জনপ্ৰতিনিধিসকল । কিন্তু নিৰ্বাচন যোৱাৰ পিছতে সকলো বগা হাটীত পৰিণত হয় ।

এই পথটোৰ বাবে বছৰ বছৰ ধৰি জীয়াতু ভুগি অহা ৰাইজক কোনো এখন চৰকাৰ বা জনপ্ৰতিনিধিয়ে চকু মেলি নাচালে। বছৰৰ অধিকবোৰ দিনেই বোকাময় হৈ থকা এই পথছোৱাৰ বাবে কণ কণ ছাত্ৰ-ছাত্ৰী, বৃদ্ধ-বৃদ্ধা, প্ৰসূতি মহিলা অথবা অন্যান্য ৰোগীসকলে দুৰ্ভোগ ভুগি আহিছে। প্ৰতিবাদকাৰীয়ে উল্লেখ কৰে যে পথৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিবাদ অব্যাহত থাকিব।
Published by:Gautam Barman
First published: