মুখ্যপৃষ্ঠা »খবৰ »অসম »ধাবা খুলিবলৈ ওলাই গৈ উভতি নাহিল যুৱ ব্যৱসায়ী, উত্তাল প্ৰতি‍বাদ পুৰণিগুদামত

ধাবা খুলিবলৈ ওলাই গৈ উভতি নাহিল যুৱ ব্যৱসায়ী, উত্তাল প্ৰতি‍বাদ পুৰণিগুদামত

সকলোৰে কেৱল এটাই দাবী- মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত উদ্ধাৰ কৰিব লাগে ব্যৱসায়ীগৰাকীক।

সকলোৰে কেৱল এটাই দাবী- মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত উদ্ধাৰ কৰিব লাগে ব্যৱসায়ীগৰাকীক।

সকলোৰে কেৱল এটাই দাবী- মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত উদ্ধাৰ কৰিব লাগে ব্যৱসায়ীগৰাকীক।

  • Share this:

 এজন যুৱ ব্যৱসায়ীৰ নিৰুদ্দেশ হোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি প্ৰতিবাদমুখৰ পৰিৱেশ সৃষ্টি হৈছে নগাঁও জিলাৰ আমনিত। ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ ৰূপে পৰিচিত নগাঁও জিলাৰ চামগুৰিৰ আমনি অঞ্চলৰ পৰা এজন যুৱ ব্যৱসায়ী বাৰ দিন ধৰি সন্ধানহীন হৈ থকা ঘটনাই সৃষ্টি কৰিছে পৰিয়াল তথা ৰাইজৰ মাজত চৰম অসন্তুষ্টি৷


সন্ধানহীন হৈ থকা যুৱ ব্যৱসায়ীজনৰ নাম সঞ্জিত ওৰফে শৈলেশ ৰায়৷ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিত অৱস্থিত মনঞ্জিত নামৰ এখন ধাবাৰ স্বত্বাধিকাৰী আছিল ৩৫ বছৰীয়া যুৱকজন৷ আমনি ব্যৱসায়ী সন্থাৰ সদস্য তথা সৰবৰহী যুৱকজন বাৰ দিনৰ পূৰ্বে পুৱা প্ৰায় ৫.৩০ বজাত নিজৰ ধাবাখন খুলিয়েই প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰ পাছৰে পৰা এই পৰ্যন্ত নিখোজ হৈ আছে৷


কিন্তু বাৰটা দিনৰ পিছতো চামগুৰি আৰক্ষী তথা নগাঁও জিলাৰ আৰক্ষীয়ে যুৱকজনৰ প্ৰাৰম্ভিক অনুসন্ধানৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি আমনিৰ ৰাজপথলৈ ওলাই আহে মহিলাসহ সহস্ৰাধিক স্থানীয় ৰাইজ।


আমনি ব্যৱসায়ী সন্থাৰ উদ্যোগত তথা স্থানীয় বিভিন্ন দল–সংগঠনৰ সহযোগত বুধবাৰে ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচী হিচাপে বহু সময় ধৰি ৰাজপথ অৱৰোধ কৰাৰ লগতে বাহিৰ কৰা দেখা যায় বিশাল প্ৰতিবাদী সমদল।


সকলোৰে কেৱল এটাই দাবী- মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত আমনিৰ যুৱ ব্যৱসায়ী নিৰুদ্দেশ ঘটনাৰ ক্ষিপ্ৰ তদন্ত কৰি সৰবৰাহী যুৱকজনক শীঘ্ৰেই উদ্ধাৰ কৰক।

শেহতীয়া বাতৰি