• Home
  • »
  • News
  • »
  • assam
  • »
  • Hailakandi: বিধায়ক সুজাম উদ্দিন লস্কৰৰ বিৰুদ্ধে আকৌ প্ৰতিবাদ, এই প্ৰস্তাৱিত কলেজ স্থানান্তৰকৰণক লৈ ক্ষুব্ধ ৰাইজ

Hailakandi: বিধায়ক সুজাম উদ্দিন লস্কৰৰ বিৰুদ্ধে আকৌ প্ৰতিবাদ, এই প্ৰস্তাৱিত কলেজ স্থানান্তৰকৰণক লৈ ক্ষুব্ধ ৰাইজ

স্থানীয় বিধায়ক সুজাম উদ্দিন আৰু সাংসদ কৃপানাথ মল্লাহে ইয়াৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰাৰ অভিযোগ

স্থানীয় বিধায়ক সুজাম উদ্দিন আৰু সাংসদ কৃপানাথ মল্লাহে ইয়াৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰাৰ অভিযোগ

স্থানীয় বিধায়ক সুজাম উদ্দিন আৰু সাংসদ কৃপানাথ মল্লাহে ইয়াৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰাৰ অভিযোগ

  • Share this:
কাটলিছেৰা সমষ্টিৰ বিধায়ক সুজাম উদ্দিন লস্কৰৰ বিৰুদ্ধে আকৌ প্ৰতিবাদ। এইবাৰ প্ৰতিবাদ স্থানীয় সুলতানিছেৰা চাহ বাগিচা এলেকাত। এই বাগিচা এলেকাত প্ৰস্তাৱিত পণ্ডিত দিনদয়াল মহাবিদ্যালয় অন্যত্ৰ স্থাপন কৰাৰ প্ৰয়াসৰ বিৰুদ্ধে প্ৰতিবাদ স্থানীয় ৰাইজৰ।

২০২০ চনত ৰাজ্যৰ আন ৫ জিলাৰ লগতে হাইলাকান্দি জিলাতো আৰম্ভ হৈছিল পণ্ডিত দিনদয়াল উপাধ্যায় মডেল ডিগ্ৰী কলেজৰ নিৰ্মাণৰ কাম। হাইলাকান্দি জিলাৰ সুলতানিছেৰা চাহ বাগিচা অঞ্চলত এই কলেজৰ নিৰ্মাণ কামৰ বাবে ভূমি আবণ্টন কৰা হৈছিল। চাহ বাগিচাৰ অব্যৱহৃত এটা টিলাত আৰম্ভ কৰাৰ কথা আছিল কলেজ (Protest at Hailakandi for college transfer)।

ইতিমধ্যে টিলা ভূমিত পথ নিৰ্মাণ আৰু ভূমি সমতল কৰাৰ কাম চলি আছে। লগতে নিৰ্মাণ কামত বিলম্ব হোৱাৰ বাবে স্থানীয় জামিৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰাৱাসত অস্থায়ীভাৱে ছাত্ৰ-ছাত্ৰীক পাঠদান দিয়া আৰম্ভ হৈছে।

কিন্তু ইতিমধ্যে এই নিৰ্মীয়মাণ কলেজখন সুলতানিছেৰাৰ পৰিৱৰ্তে আন ঠাইলৈ স্থানান্তৰিত কৰাৰ এক প্ৰয়াস আৰম্ভ হৈছে বুলি অভিযোগ পোৱা গৈছে ।

স্থানীয় বিধায়ক সুজাম উদ্দিন আৰু সাংসদ কৃপানাথ মল্লাহে ইয়াৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰাৰ অভিযোগ উত্থাপন কৰি আজি স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি