হাইলাকান্দিত মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অবৰোধ । নিহত জোৱান ছামছুজ্জামান বৰভূঞাৰ বাসগৃহৰ সম্মুখত ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ।
হাইলাকান্দিত মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অবৰোধ । নিহত জোৱান ছামছুজ্জামান বৰভূঞাৰ বাসগৃহৰ সম্মুখত ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ।
মিজোৰামৰ বৰ্বৰ কাণ্ডৰ প্ৰতিবাদত উত্তাল হাইলাকান্দি । ৬ নম্বৰ (পুৰ্বৰ ১৫৪ নম্বৰ) ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ স্থানীয় ৰাইজৰ । নিহত আৰক্ষী জোৱানৰ ঘৰৰ সম্মুখতে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ স্থানীয় ৰাইজৰ ।
২৬ জুলাই আছিল অসম তথা গোটেই ভাৰতবৰ্ষৰ ইতিহাসৰ এটা ক'লা দিন । এই ২৬ জুলাইত নিজ ৰাজ্যৰ সাংবিধানিক সীমা ৰক্ষাৰ বাবে শহীদ হৈছে ৫ গৰাকী আৰক্ষী সহ এজন সাধাৰণ নাগৰিক । কাছাৰ জিলাৰ লায়লাপুৰত প্ৰতিবেশী ৰাজ্য মিজোৰামৰ আৰক্ষী আৰু একাংশ দুৰ্বৃত্তই চলোৱা আক্ৰমণত গুলীবিদ্ধ হৈ মৃত্যু হয় এই ৫ আৰক্ষী আৰু এজন স্থানীয় নাগৰিকৰ । ইয়াৰ ভিতৰতে আছে হাইলাকান্দি জিলাৰ তিনি আৰক্ষী জোৱান । হাইলাকান্দি চহৰৰ ৯ নম্বৰ ওয়াৰ্ডৰ স্বপন ৰায়, আলগাপুৰ বাসবাড়ী গাঁৱৰ লিটন শুক্লবৈদ্য আৰু কাটলিছেড়া কৃষ্ণপুৰ গাঁৱৰ ছামছুজ্জামান বৰভূঞা।
মিজোৰামৰ এই নিকৃষ্ট আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আজি উত্তাল হৈ উঠে হাইলাকান্দি জিলাৰ কৃষ্ণপুৰ এলেকা । কৃষ্ণপুৰত নিহত আৰক্ষী জোৱান ছামছুজ্জামান বৰভূঞাৰ বাসগৃহৰ সম্মুখত ৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে । লগতে এই ৰাষ্ট্ৰীয় ঘাইপথ হৈ মিজোৰামৰ ভৈৰবী যোৱা সকলো যান বাহন আবদ্ধ কৰি মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অবৰোধ গঢ়ি তোলে স্থানীয় ৰাইজে ।
প্ৰতিবাদকাৰীসকলে নিহতসকলৰ পৰিয়ালক ১ কোটি টকাৰ আৰ্থিক সাহায্য আৰু এটা চৰকাৰি চাকৰি দিয়াৰো দাবী উত্থাপন কৰে । লগতে আগন্তক দিনত মিজোৰামলৈ যোৱা মালবাহী ৰে'ল বন্ধ কৰি দিয়া হ'ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।
আনফালে অসমৰ আৰক্ষী আৰু সাধাৰণ নাগৰিকক গুলীয়াই হত্যাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে যেতিয়ালৈকে কঠোৰতম পদক্ষেপ নলয় তেতিয়ালৈকে এই আন্দোলন অব্যাহত থাকিব বুলি জনাইছে প্ৰতিবাদকাৰীসকলে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|