মুখ্যপৃষ্ঠা »খবৰ »অসম »Protest Against Pradip Dutta Roy : বৰাকতে জ্বলিল বিতৰ্কিত নেতা প্ৰদীপ দত্ত ৰয়ৰ প্ৰতিকৃতি, বিভেদ সৃষ্টি নকৰিবলৈ সকীয়নি

Protest Against Pradip Dutta Roy : বৰাকতে জ্বলিল বিতৰ্কিত নেতা প্ৰদীপ দত্ত ৰয়ৰ প্ৰতিকৃতি, বিভেদ সৃষ্টি নকৰিবলৈ সকীয়নি

Protest Against Pradip Dutta Roy : হাইলাকান্দি জিলাৰ আলগাপুৰত প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বৰাক ডেভেলপমেণ্ট পৰিষদ নামৰ সংগঠনটোৱে।

Protest Against Pradip Dutta Roy : হাইলাকান্দি জিলাৰ আলগাপুৰত প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বৰাক ডেভেলপমেণ্ট পৰিষদ নামৰ সংগঠনটোৱে।

  • Share this:
অৱশেষত ৰঙাঘৰৰ আলহী হ'ল বৰাকৰ বিতৰ্কিত নেতা প্ৰদীপ দত্ত ৰয় (Pradip Dutta Roy Arrest)। কিন্তু গ্ৰেপ্তাৰ হোৱাৰ পিছতো ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ । প্ৰদীপ দত্ত ৰয়ে নিজৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে বৰাক (Barak)ৰ ৰাইজ উল‍াই আহিব বুলি আশা কৰিলেও বৰাকত দেখা গ'ল তাৰবিপৰীত দৃশ্য । আজিও হাইলাকান্দি (Hailakandi)ত প্ৰদীপ দত্ত ৰয়ৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় দল-সংগঠনে ।

সোমবাৰে পুৱা হাইলাকান্দি জিলাৰ আলগাপুৰত প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বৰাক ডেভেলপমেণ্ট পৰিষদ (Barak Development Parishad) নামৰ সংগঠনটোৱে।  বিতৰ্কিত প্ৰদীপ দত্ত ৰয়ৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ সদস্যসকলে । লগতে প্ৰদীপ দত্ত ৰয়ে এনে বিভেদ সৃষ্টি কৰি বৰাকৰ নেতা হোৱাৰ অপচেষ্টা চলাইছে বুলিও মন্তব্য কৰে সংগঠনটোৰ সদস্য সকলে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি