• Home
  • »
  • News
  • »
  • assam
  • »
  • Protest Against Jehadi: শংকৰ-আজানৰ দেশত জেহাদী কাৰ্য নচলিব, বৰপেটাত গৰজি উঠিল গৰীয়া-মৰীয়া-দেশী জাতীয় পৰিষদ ৷

Protest Against Jehadi: শংকৰ-আজানৰ দেশত জেহাদী কাৰ্য নচলিব, বৰপেটাত গৰজি উঠিল গৰীয়া-মৰীয়া-দেশী জাতীয় পৰিষদ ৷

বৰপেটাৰ ভি আই পি চ'কত জেহাদীৰ বিৰুদ্ধে গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল ৷

বৰপেটাৰ ভি আই পি চ'কত জেহাদীৰ বিৰুদ্ধে গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল ৷

বৰপেটাৰ ভি আই পি চ'কত জেহাদীৰ বিৰুদ্ধে গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল ৷

  • Share this:
ৰাজ্যত শিপাইছে ইছলামিক বাংলাদেশী মৌলবাদীৰ নেটৱৰ্ক ৷ বাংলাদেশৰ পৰা অসমত নিয়ন্ত্ৰিত হৈ থকা ইছলামিক জেহাদী কাৰ্যকলাপক লৈ উদ্বিগ্ন দেশবাসী ৷ ইয়াৰ মাজতে ৰাজ্যৰ ভিন্ন স্থানত নিতৌ আৰক্ষীৰ জালত পৰিছে মৌলবাদী জেহাদী ৷ বাংলাদেশৰ পৰা অসমত নিয়ন্ত্ৰিত হৈ থকা ইছলামিক মৌলবাদী জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে অৱশেষত ৰাজপথলৈ ওলাই আহিল খিলঞ্জীয়া-গৰীয়াসকল ৷

আজি সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ নেতৃত্বত বৰপেটাৰ ভি আই পি চ'কত জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ মানৱ শৃংখল কাৰ্যসূচীৰে আজি বৰপেটাৰ খিলঞ্জীয়া গৰীয়াসকলে ৰাজ্যত খোপনি পোতা জেহাদী কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ শংকৰ মাধৱৰ দেশত কোনোপধ্যেই ইছলামিক জেহাদী কাৰ্যকলাপ চলাবলৈ দিয়া নহ'ব বুলি হুংকাৰ সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ নেতাময়ুৰ আলীৰ ৷ আনকি গৰীয়া নেতা ময়ুৰ আলীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ আহ্বান- জেহাদী কাৰ্যকলাপত লিপ্তসকলক কঠোৰতকৈয়ো কঠোৰ শাস্তি প্ৰদান কৰক যাতে পিচলৈ কোনেও জেহাদৰ নাম ল'বলৈও ভয় কৰে ৷

গৰীয়া নেতাৰ জেহাদীসকললৈ সকিয়নি- কোনো কাৰণতে অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট হ'বলৈ দিয়া নহ'ব ৷একাংশ লোকৰ বাবে গৰীয়া মৰীয়াসকল লজ্জিত হবলগীয়া হোৱা বুলিও মন্তব্য গৰীয়া নেতাজনৰ ৷ইপিনে জেহাদী কাৰ্যৰ সৈতে কোনো খিলঞ্জীয়া মুছলমান জৰিত নাই বুলি স্পষ্ট কৰি জেহাদীৰ সৈতে বাংলাদেশী মুছলমানসকলহে জৰিত বুলিও সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদে স্পষ্ট কৰি দিয়ে ৷
Published by:Manjumoni Borah
First published: