অসম গো-সুৰক্ষা আইন, ২০২১ ৰ বিৰুদ্ধে মঙলবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰৰ বহু সংখ্যক গো-পালক তথা দল–সংগঠনে। সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, উজনি অসম মুছলিম কল্যাণ পৰিষদ, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, জাগৃতি মহিলা সমাজ, জলহা যুৱ পৰিষদ, মৰিয়া যুৱ ছাত্ৰ পৰিষদকে ধৰি কেইবাটাও সংগঠনৰ লগতে গো–পালকসকলে এই প্ৰতিবাদ কৰে।
শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰাৰ উপৰি প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখতে গো- সুৰক্ষা আইনখনৰ প্ৰতীকী প্ৰতিলিপি দাহেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে ।
ধৰ্মঘটকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ গো–সুৰক্ষা আইন বাতিল কৰক, অসম চৰকাৰ হায় হায় , বিজেপি মুৰ্দাবাদ আদি শ্লোগান দি উত্তাল কৰি তোলে পৰিৱেশ।
অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ হৈ দেৱজিৎ দত্তাই কয়– "গো–সুৰক্ষা আইনখনে পশুধনৰ সুৰক্ষা দিয়াতকৈ সৰ্বসাধাৰণ পশুপালকসকলক দুৰ্যোগপূৰ্ণ অৱস্থালৈ ঠেলি দিব। গ্ৰামাঞ্চলৰ বহু পৰিয়ালে গৰু বিক্ৰী কৰি ঘৰখন চলায়। কেৱল গাখীৰ বিক্ৰী কৰি পৰিয়াল চলোৱাটো বহু গো-পালকৰ বাবে সম্ভৱ নহয়। গো-সুৰক্ষা আইন বলৱৎ কৰি চৰকাৰে খেতিয়ক তথা পশুপালকসকলৰ মূৰত মাধমাৰ মাৰিছে।"
তেওঁ লগতে পশুধনৰ নামত চৰকাৰে কুটিল ৰাজনীতি কৰা বুলিও সমালোচনা কৰে। ইপিনে চৰকাৰে অচিৰেই গো সুৰক্ষা আইন বাতিল নকৰিলে অনাগত দিনত ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে সংগঠনকেইটাই।
উল্লেখ্য যে অহা ৩ ছেপ্টেম্বৰৰ পৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও গো-সুৰক্ষা আইনৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিব বুলি শেহতীয়াকৈ শিৱসাগৰত অনুষ্ঠিত এখন সংবাদমেলত ঘোষণা কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|